দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ: ৰাজ্যৰ ক্ৰিয়া প্ৰেমীলৈ সুখবৰ। আকৌ বিশ্বৰ বুকুত অসমৰ নাম উজ্বলোৱাৰ উদ্দেশ্যেৰে চীন দেশলৈ ৰাওনা অসমৰ ৫ জীয়ৰীৰ লগতে ৩ অসম সন্তানৰ। চীন দেশৰ ফছান চহৰত অহা ১৬ নৱেম্বৰত অনুষ্ঠিত হব লগীয়া ২০১৮ বৰ্ষৰ এছিয়ান ড্ৰেগণ নাও খেল চেম্পিঅনচিপত ভাৰতৰ ড্ৰেগণ মহিলা নাও খেল দলৰ হৈ প্ৰতিনিধিত্ব কৰিব অসম তথা দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ পাঁচ বায়েক ভনীয়েক অমিয়া কলিতা, বিজুলী কলিতা, দীপান্দিতা কলিতা, হীৰা মণি কলিতা আৰু বিউতী কলিতাই। ভাৰতীয় পুৰুষৰ নাও খেল দলত ছয়গাঁওৰ তিনি জন যুৱকে ভাৰতৰ ড্ৰেগণ নাও খেল দলৰ হৈ খেলৰ সুযোগ লাভ কৰে । এই মহিলা পুৰুষৰ নাও খেলৰ দলটি বুধবাৰেই বৰঝাৰ বিমান বন্দৰৰ পৰা কলিকতালৈ উৰা মাৰি বৃহস্পতিবাৰে কলিকতাৰ পৰা ৰাওনা হ’ব চীনলৈ। পৰম্পৰাগতভাবে যি নাও খেল ভাৰত তথা অসমত চলি আছে সেই নাও খেল জীয়াই ৰাখিব লাগিলে চৰকাৰে নাও খেলুৱৈ সকলোৰ বাবে উন্নত মানৰ নাও যোগান ধৰাৰ লগতে খেলুৱৈ সকলক সহায়ৰ হাত আগ বঢ়াবলৈ দাবী জনাই অসম ড্ৰেগণ নাও খেল খেলুৱৈ সকলে। চীন দেশত অনুস্থিত হ’বলগীয়া ড্ৰেগন নাও খেলত উজ্বলাই আহক নিজৰ দেশৰ লগতে অসমৰ নাম সেয়াই কামনা সকলোৰে।