তামুলপুৰ, সংবাদ ৩৬৫, ১৪ নৱেম্বৰ: তামুলপুৰ বিধান সভা সমষ্টি প্ৰায় আঢ়ৈ লাখ জনসংখ্যাৰে পৰিপূৰ্ন। প্ৰায় এক লাখ আশী হেজাৰ ভোটাৰ আছে ৷ বি টি চিৰ ভিতৰতে শিক্ষাৰ হাৰো মনকৰিবলগীয়া ৷ কিন্তু এনেকুৱা জনবহুল তথা শিক্ষিত লোকেৰে পৰিপুষ্ট তামুলপুৰত এখন পূৰ্নাংগ পৰ্যায়ৰ স্নাতক মহাবিদ্যালয় আজিকোপতি নথকাটো এক দুৰ্ভাগ্যজনক ৷ কিয়নো ৰাজ্য চৰকাৰখনে বিগত দিনত য’ত কলেজ আছে তাতো নতুন কলেজ স্থাপন কৰিছে ৷ আনকি দীনদয়াল উপাধ্যায়ৰ নামত কেবাখনো ঠাইত প্ৰয়োজন নোহোৱা স্বত্তেও কলেজ স্থাপন কৰিছে ৷ তামুলপুৰত কিয় স্থাপন কৰা হোৱা নাই ? তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ পুৰন্দৰ বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বাৰ্ষিক বটা বিতৰনী সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকি বিশিষ্ট সাংবাদিক নিতুমনি শইকীয়াই এনেদৰে মন্তব্য কৰে ৷ তেওঁ বিধায়ক গৰাকীক এইক্ষেত্ৰত দৃঢ় পদক্ষেপ ল’বলৈও আহ্বান জনাই কয় যে বিধায়ক ইমানুৱেল মুছাহাৰীয়ে সমষ্টিটোৰ বাবে যি খিনি কৰি আহিছে সেইখিনি শলাবলগীয়া ৷ কলেজ খন স্থাপনৰ স্বাৰ্থত আৰু অধিক কামৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে তামুলপুৰীয়া ৰাইজৰ বাবে ৷ এই ক্ষেত্ৰত ময়ো নিজে যি খিনি পাৰো ব্যৱস্থা ল’ম বুলি সভাত উপস্থিত থকা সকলৰ মাজত আবেগিক হৈ সদৰি কৰে নিতুমনি শইকীয়াই। শইকীয়াই ছাত্ৰ সমাজক সঠিক দিশেৰে অধ্যয়ন কৰি মানৱ সম্পদ আহৰন কৰিবলৈও আহ্বান জনায় ৷ তেওঁ কয় যে ছাত্ৰ ছাত্ৰী সকলে এজন ভাল মানুহ হোৱাৰ লক্ষ্য বান্ধি লওঁক ৷ এজন ভাল ডাক্তৰ বা ইঞ্জিনীয়াৰ হলেও যদি ভাল মানুহ হব নোৱৰে তেতিয়া একো লাভ নাই ৷ সেয়ে এগৰাকী ভাল মানুহ হবলৈ ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায় ৷ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতি গৰাকী ছাত্ৰ – ছাত্ৰীক অনাগত দিনত শিক্ষাগ্ৰহন কৰি সচা অৰ্থত এগৰাকী ভাল মানুহ হৈ তামুলপুৰৰ সম্পদ হওঁক, অসমৰ সম্পদ হওক বুলি সাৰুৱা ভাষণ প্ৰদান কৰে। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এনে একোগৰাকী ভাল মানুহ হোৱা যাৰ মুখলৈ চাই তোমালোকৰ গাওখনৰ মানুহ অঞ্চলটোৰ মানুহ আশ্বস্ত হ’ব পাৰে আৰু যাতে কব পাৰে এও আমাৰ গাৱঁৰ ল’ৰা বা ছোৱলী ৷ আনহাতে প্ৰত্যেক গৰাকী ছাত্ৰ ছাত্ৰীয়ে ভীৰৰ মাজত থাকিও পৃথক হ’ব লাগিব একক হব লাগিব তেতিয়াহে এগৰাকী মানুহ হব পাৰিবা বুলিও কয় বিশিষ্ট সাংবাদিক গৰাকীয়ে ৷ সভাত আনগৰাকী মুখ্য অতিথি স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ছাত্ৰ ছাত্ৰী সকলক অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰিও সমষ্টিটোৰ ছাত্ৰ-ছাত্ৰী সকলক বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়ি যোৱাৰ বাবে কি কি কাম কৰিছে সেয়া অৱগত কৰে ৷ সভাত গুৱাহাটি কলেজৰ অধ্যক্ষ চানচুমা খুংগুৰ বড়ো, কুমাৰীকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক গোপেন মজুমদাৰ, নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা শৈক্ষিক ক্ষেত্ৰ ওপৰত সাৰুৱা ভাষন দিয়ে ৷ সভাত বিদ্যালয় খনৰ অধ্যক্ষ বিভূতি ডেকা, উপাধ্যক্ষ দিলীপ কুমাৰ বড়ো প্ৰমুখ্যে শিক্ষক শিক্ষয়িত্ৰী সকল, ছাত্ৰ ছাত্ৰী, অভিভাৱক সকল বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মদন মোহন শৰ্মা, অৱসৰ প্ৰাপ্ত শিক্ষক সকল, কেবাখনো স্থানীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক সহ স্থানীয় নাগৰিক সকল উপস্থিত থাকে।