তামুলপুৰ, সংবাদ ৩৬৫, ১৫ নৱেম্বৰ: সমগ্ৰ অসমতে ভিন্ন স্থানত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ প্ৰতিবাদেৰে অসমৰ সকলো দল সংগঠনে পৰিস্থিতি উত্তাল কৰি তোলাৰ প্ৰতিবাদেৰে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ অস্তিত্ব ৰক্ষাৰ্থে ৭০টা জনগোষ্ঠীয় সংগঠনৰ ঐক্যমতত সংকল্প যাত্ৰাৰে সুদুৰ শদিয়াৰ পৰা বাইক ৰেলী কৰি বুধবাৰে বাক্সা জিলাৰ তামুলপুৰত উপস্থিত হয়। বাক্সা জিলাৰ বিভিন্ন দল সংগঠনৰ তিনি শতাধিক সদস্যই হাতে হাতে প্লেকাৰ্ড লৈ অসম চৰকাৰ হায় হায় ,নাগৰিকত্ব বিল বাতিল কৰক ,এই জুই জ্বলিছে জ্বলিবই,আমাৰ দাবী ন্যায্যা দাবী ,সেদ ঐ সেদ বাংলাদেশী সেদ আদি বিভিন্ন ধৰণৰ শ্লগানেৰে তামুলপুৰৰ আকাশ বতাহ কপাই তোলে। সংকল্প যাত্ৰাৰ সময়ত বৃহস্পতিবাৰে তামুলপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাতুল হুছেইন, বাক্সা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি নিলধৰ কলিতাকে ধৰি কেইবাগৰাকী নেতা কৰ্মীক তামুলপুৰ আৰক্ষীয়ে আটক কৰে । আনহাতে আৰক্ষীৰ চকুত ধুলি দি একাংশই বাইক ৰেলী কৰি গুচি যায় ৷