বৰদিন উপলক্ষে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে গীৰ্জাত এজাক তৰুণৰ শ্ৰমদান

In ৰাজ্য
Umra Package

আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৩ ডিচেম্বৰ

সমাগত বৰদিন। চৌদিশে উচাহ-উদ্দীপনা। গীৰ্জাই গীৰ্জাই বৰদিনৰ প্ৰস্তুতি। কেৰ’লৰ সুৰ। ইয়াৰ মাজতে এইবাৰ বজৰং দলৰ হুংকাৰ-হিন্দু ধৰ্মাৱলম্বীয়ে অংশ নল’ব বৰদিনত। অংশ ল’লে ভয়ংকৰ পৰিণামৰো ভাবুকি বজৰং দলৰ ৰাষ্ট্ৰীয় আহ্বায়ক চৌহান সিং সোলাস্কিৰ।

বজৰং দলৰ হুংকাৰৰ বিপৰীতে শিৱসাগৰত দেখা গ’ল ব্যতিক্ৰমী ছবি। বৰদিন উপলক্ষে বীৰ লাচিত সেনাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গীৰ্জাঘৰ চাফাই অভিযানত নামিল জাতি-ধৰ্ম নিৰ্বিশেষে শতাধিক তৰুণ-তৰুণী। সম্প্ৰীতিৰ মহামিলনৰ ভূমি খ্যাত শিৱসাগৰত পুনৰ সমন্বয়ৰ নিদৰ্শন এজাক তৰুণৰ। বৰদিন উপলক্ষে ১৮৪৫ খ্ৰীষ্টাব্দতে নিৰ্মিত তথা ১৭৫ বৰ্ষ গৰকা শিৱসাগৰ বৰপুখুৰীপাৰস্থিত উত্তৰ-পূৱৰ দ্বিতীয়টো পুৰণি গীৰ্জাত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এজাক তৰুণে কৰিলে শ্ৰমদান।

উল্লেখ্য যে, ৰাজনীতিৰ গ্ৰাসত পৰি একাংশই ধৰ্মৰ নামত সমাজ বিভাজিত কৰাৰ কু-অভিসন্ধিত নমাৰ বিপৰীতে শিৱসাগৰত এজাক তৰুণৰ গীৰ্জাঘৰ চাফাই অভিযানে কঢ়িয়াই আনিছে আশাৰ বতৰা। নিশ্চিতকৈ এই পদক্ষেপে পুনৰ প্ৰমাণিত কৰিলে যে অসম তথা শিৱসাগৰত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিচৰা সকলৰ স্থান নাই।

You may also read!

Royal Enfield : জু ৰোডৰ ৪ এচেছ শ্ব’ৰুমত ৰয়েল এনফিল্ড হিমালয়ান তিনিটা ৰঙৰ মুকলি

গুৱাহাটী : গুৱাহাটীৰ দূৰদৰ্শন কেন্দ্ৰৰ বিপৰীতে থকা ৪ এচেছ এনফিল্ড বিটেইল প্রাইভেট লিমিটেডত তিনিটা নতুন ৰঙৰ ৰয়েল এনফিল্ড (Royal

Read More...

Gate Hospital : গেট হস্পিতালত সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি

গুৱাহাটী : গেট হস্পিতালত (Gate Hospital) সাংবাদিকক হেলঠ কাৰ্ড প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভণি। গঠন কৰা হ'ল "গেট হস্পিতাল জনকল্যান সমিতি"।

Read More...

Two Arrested : ওৰাং আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন

Jatin Nath ওৰাং : ওৰাং আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ নগদ ধনসহ দুজন লোকক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ (Two Arrested)।

Read More...

Mobile Sliding Menu