আনিছুৰ আলী

গৌৰীপুৰ

২৩ ডিচেম্বৰ

দৰমাহ আদায় নিদিয়াৰ বাবে প্ৰতিবাদত বহিল ধুবুৰী জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকল। অতি শীঘ্ৰে দৰমহা আদায় দিয়াৰ দাবীৰে জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ ধৰ্মঘট কাৰ্যসূচী৷ দাবী পূৰণ নহ’লে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ।

বিগত চাৰিমাহে চৰকাৰে দৰমাহ আদায় নিদিয়াৰ প্ৰতিবাদত জলসিঞ্চন বিভাগ, ধুবুৰী সংমণ্ডলৰ গৌৰীপুৰ কাৰ্যালয় প্ৰাংগণত জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ ধৰ্মঘট কাৰ্যসূচী। দৰমাহ আদায়ৰ লগতে কেইবাটাও দাৱীৰে চতুৰ্থ বৰ্গৰ ৮৮ গৰাকী কৰ্মচাৰীয়ে দিনজোৰা কাৰ্যসূচীৰে অৱস্থান ধৰ্মঘট পালন কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লে’গানৰে আকাশ-বতাহ কঁপাই তোলে৷ প্ৰতিবাদকাৰী সকলে যোৱা ২০২০ চনৰ চেপ্তেম্বৰ মাহৰ পৰা আজিৰ তাৰিখলৈ চাৰিমাহৰ দৰমাহ চৰকাৰক অতি শীঘ্ৰে আদায় দিবলৈ দাৱী জনোৱাৰ লগতে ২০০৫ চনত চাকৰি নিয়মীয়া হোৱা চতুৰ্থ বৰ্গৰ শিক্ষিত কৰ্মচাৰী সকলক যোগ্যতাৰ ভিত্তিত পদোন্নতি দিয়াৰ ব্যৱস্থা আৰু অৱসৰ গ্ৰহনৰ পিছত পেঞ্চনৰ ব্যৱস্থা কৰাৰ লগতে কৰ্মচাৰী সকলক গ্ৰজুৱেটি অৰ্জিত ছুটি প্ৰদনা কৰাৰ দাৱী জনায়৷ যোৱা চাৰিমাহে এই সকল কৰ্মচাৰীৰ দৰমাহ আদায় নিদিয়াৰ ফলত এই সকল কৰ্মচাৰীৰ পৰিয়াল সকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছে। দৰমহা আদায় সংক্ৰান্তত ভুক্তভোগী কৰ্মচাৰী সকলে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰিছে যদিও বৰ্তমানলৈকে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ কৰা হোৱা নাই বুলি প্ৰতিবাদকাৰী সকলে মন্তব্য প্ৰকাশ কৰে৷

জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে এই ধৰ্মঘট কাৰ্যসূচীৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে তেওঁলোকৰ দাবী সমুহত মানি লোৱাৰ বাৱে অনুৰোধ জনায়৷ অনগত দিনত উক্ত দাবী সমুহ যদি মানি লোৱা নহয় তেন্তে গণতান্ত্ৰিকভাৱে আনন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলে।