বৰপেটা

২৩ ডিচেম্বৰ

বৰপেটাত মুন্নভাই এমবিবিএছ। আৰক্ষীৰ অভিযান আটক ভূৱা চিকিৎসক৷ বৰপেটাত মুন্নাভাই এমবিবিএছৰ দৌৰাত্ম্য৷ বৰপেটা চহৰৰ কল’নীত চেম্বাৰ খুলি মুকলিকৈ চলাই গৈছে চিকিৎসা৷ আছাম ডেন্টেল কাউঞ্চিলৰ অভিযোগৰ ভিত্তিত বৰপেটাত আৰক্ষীয়ে অভিযান চলাই আটক কৰে এজন ভূৱা চিকিৎসকক৷

দণ্ডাধীশৰ উপস্থিতিত বৰপেটা আৰক্ষীয়ে অভিযান চলাই আটক কৰা ভুৱা দন্ত চিকিৎসক গৰাকীৰ নাম লুতফৰ ৰহমান৷ বৰপেটা চহৰৰ কল’নীত এম.এছ ডেজ ডেন্টেল মেডিকেল হল নামৰ চেম্বাৰ খুলি লুটফৰ ৰহমানে চলাই আহিছিল চিকিৎসা৷ কলা শাখাৰ উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰা লুতফৰ ৰহমানে নামৰ আগত ডাঃ লিখি চলাই গৈছিল দাঁতৰ চিকিৎসা৷

আৰক্ষীয়ে ভুৱা চিকিৎসকজনক আটক কৰাৰ লগতে চেম্বাৰটো চীল কৰি দিয়ে৷ ইপিনে চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা বহু সামগ্ৰীও জব্দ কৰে আৰক্ষীয়ে৷ বৰপেটা চহৰত ভুৱা চিকিৎসকৰ বিৰুদ্ধে চলা অভিযানক লৈ চহৰখনত সৃষ্টি হৈছে চাঞ্চল্য৷