চৰাইদেউৰ পৰা আছিকুৰ ৰহমান, সংবাদ ৩৬৫, ৬ ফেব্ৰুৱাৰীঃ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহ  বাগিচাত সোমবাৰে নিশা প্ৰায় ১০.৩০ বজাত এক গুলীবর্ষণৰ ঘটনা সংঘটিত হয়। অচিনাক্ত দুৰ্বৃত্তই বাগিচাখনৰ কাৰ্য্যালয়লৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰাত সমগ্ৰহ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি গুলীবর্ষণৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও কাৰ্য্যালয়টোলৈ লক্ষ্য কৰি গুলীচালনা কৰাত কাৰ্য্যালয়ৰ ভালেসংখ্যক দুৱাৰ খিড়িকীৰ গ্লাছ নষ্ট হয়। উল্লেখ্য যে নিশা প্ৰায় ১০.৩০ মান বজাত ঐতিহাসিক ধোদৰ আলিৰ পৰা বৰহাট চাহ বাগিচাৰ কাৰ্য্যালয়টোলৈ লক্ষ্য কৰি দুৰ্বৃত্তই প্ৰায় ১০ মিনিট ধৰি গুলীবর্ষণ কৰে। নিশাৰ গুলীবর্ষণৰ ঘটনাৰ পিছত সমগ্ৰহ বৰহাটবাসী আতংকিত হৈ পৰিছে।