কলগাছিয়া ১১ ছেপ্তেম্বৰঃ চিকিৎসা বিজ্ঞানৰ জয় যাত্ৰাত মৃত ব্যক্তিয়েও সন্তান জন্ম দিয়া সম্ভৱ হোৱা সময়ত এতিয়াও অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসত অসমৰ একাংশ লোক। কলগাছিয়াৰ শওঁপুৰৰ মোগল হুছেইন নামৰ মাছমৰীয়াজনক ভূতে ধৰাৰ অন্ধবিশ্বাসৰ বলি হৈ সম্প্ৰতি বেজৰ বেজালিৰে বিভিন্ন ধৰণৰ চিকিৎসা আৰম্ভ হৈছে। বিগত ১০ দিন পূৰ্বে মোগল হুছেইনে বেঁকী নৈত মাছ মাৰি থাকোতেই হঠাতে নাওঁৰ মাজতেই ঢলি পৰি অদ্ভূত আচৰণ কৰাৰ আৰম্ভ কৰে। পৰিয়ালৰ লোকে মোগলক ততাতৈয়াকৈ কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। বৰপেটাত ডাক্তৰৰ চিকিৎসাত মোগল সুস্থ নোহোৱাত পৰিয়ালৰ লোকে মোগলক ঘৰলৈ উভতাই আনি বেজৰ ওচৰত চিকিৎসা কৰে৷ কিন্তু বেজে ৬ জনকৈ বেজেও মোগলৰ গাত আশ্ৰয় লোৱা মৎস্য ভূতক খেদিবলৈ সক্ষম নোহোৱাত ৭নম্বৰ বেজৰ বেজালিত মৎস্য ভূতে কথা পাতিলে সাংবাদিকৰ লগত। বেঁকী নৈৰ পৰা মোগল হুছেইনক খাবলৈ  আহিছে এই ভূতে। ভূতৰ নাম মৎস্যভূত। ভূতৰ ভাই-ককাই সাতজন। এতিয়া প্ৰশ্ন হয়, ৰাজ্যৰ গ্ৰাম্য বা চৰাঞ্চলত শিক্ষাৰ ব্যৱস্থা নথকা, অন্ধবিশ্বাস নোহোৱা কৰিবলৈ সজাগতা আদি নথকাৰ বাবেই এই লোকসকলে অন্ধবিশ্বাসত বিশ্বাসী হৈছে নেকি?