গুৱাহাটী, ১১ ছেপ্টেম্বৰঃ সাম্প্ৰতিক সময়ত ৰাজ্যব্যাপি অসমীয়া জাতিৰ বিৰুদ্ধাচৰণ কৰি বহিৰাগত বিদেশীৰ যি দপদপনি আৰম্ভ হৈছে, ইয়াক কেতিয়াও নিৰৱে সহ্য কৰা নহ’ব৷ প্ৰয়োজন হ’লে ৰাজ্যব্যাপি ইয়াৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰি হ’লেও বিদেশীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক বাধ্য কৰোৱা হ’ব৷ সেয়েহে জাতিৰ স্বাৰ্থত ৰাজ্যৰ খিলঞ্জীয়াৰ সৰু বৰ ভূমিপুত্ৰ জনগোষ্ঠী সমূহক এখন মঞ্চত উপবিষ্ট হৈ ঐক্যবদ্ধ সংগ্ৰামৰ সূচনা কৰিবলৈ আহ্বান জনাইছে সংযুক্ত মুক্তি বাহিনী অসমৰ যুদ্ধবিৰত নেতা জীতেন দত্তই৷ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ এখন সভাত অংশগ্ৰহণ কৰি জীতেন দত্ত সম্প্ৰতি অসমৰ খিলঞ্জীয়াৰ জীৱন সম্পতিৰ প্ৰতি বহিৰাগত শক্তিয়ে কঢ়িয়াই অনা সংকতৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে এই বক্তব্য আগবঢ়ায়৷ দত্তই লগতে ৰাজ্যৰ যুৱ প্ৰজন্মক স্বাৱলম্বী হ’ব পৰাকৈ কৃষি, মীন, ব্যৱসায়, বাণিজ্যত জড়িত হৈ সূদূৰ প্ৰসাৰী এক কৃষি বিল্পৱৰ সূচনা কৰিবলৈও আহ্বান জনায়৷ আনহাতে সভাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাত ৰাজ্য চৰকাৰে স্থাপন কৰা দীনদয়াল মহাবিদ্যালয়ৰ নামাকৰণ ড০ ভূপেন হাজৰিকা আৰু অসমৰ মহান ব্যক্তিসকলৰ নামত ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনায়৷ কেন্দ্ৰীয় সভাখনত পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি বিষ্ণুৰাম হাজৰিকাক পুঁজি আত্মসাৎ আৰু সংগঠন বিৰোধী কামত জড়িত থকাৰ অভিযোগত সংগঠনৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ পৰিষদৰ সাধাৰণ সম্পাদক সঞ্জীৱ দাসে বহিস্কৃত ব্যক্তিজনৰ লগত ভবিষ্যতে সদস্য তথা শুভাকাঙ্খী ব্যক্তিসকলে যোগাযোগ ৰক্ষা কৰিলে তাৰ ফলত হ’ব পৰা যিকোনো পৰিস্থিতিৰ কাৰণে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ জগৰীয়া নহয় বুলি জানিবলৈ দিয়ে৷