মালয়বাৰীত ক্ৰছ-কান্ট্ৰী দৌৰৰ বাছনি শিবিৰৰ সামৰণি

In ক্ৰীড়াংগন
TheChocolateRoomTezpur

গুৱাহাটী : মালয়বাৰীত ক্ৰছ-কান্ট্ৰী দৌৰৰ বাছনি শিবিৰৰ সামৰণি। অসম এথলেটিকচ্ এছচিয়েশ্বনৰ উদ্যোগত আৰু মালয়বাৰী পঞ্চায়তৰ সহযোগত ক্ষেত্ৰীৰ মালয়বাৰীত অনুষ্ঠিত হোৱা ৫৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰছ-কান্ট্ৰী চেম্পিয়নশ্বিপৰ অসম দলৰ বাছনি শিবিৰৰ সফলতাৰে সামৰণি পৰে।

মালয়বাৰীৰ লক্ষ্মী মন্দিৰ খেলপৰাৰত অনুষ্ঠিত বাছনি শিবিৰত ৰাজ্যৰ ডেৰ শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। লৰা-ছোৱালী উভয়ৰে ১৬ বছৰ,১৮ বছৰ আৰু ২০ বছৰ অনুৰ্ধ্বৰ লগতে পুৰুষ-মহিলা শাখাৰ খেলুৱৈসকলৰ মাজত অনুষ্ঠিত এই বাছনি শিবিৰত অংশ গ্ৰহণেৰে যোগ্যতা অৰ্জন কৰা খেলুৱৈসকলে নাগালেণ্ডৰ কহিমাত অনুষ্ঠিত হ’বলগীয়া ৫৬ সংখ্যক ক্ৰছ-ক্ৰান্টী চেম্পিয়নশ্বিপত অসম দলক প্ৰতিনিধিত্ব কৰিব।

বাছনি শিবিৰ অনুষ্ঠনাত কনক দাসে আঁত ধৰা সামৰণি অনুষ্ঠানত অতিথি সকলক উদ্যোক্তা সকলে উষ্ম আদৰণি জনাই। বাছনি শিবিৰৰ খেলসমূহৰ ফ্লেগঅফ কৰে অসম এথলেটিকচ্ এচছিয়েশ্বনৰ সম্পাদক অশোক ভৰালী, প্ৰশিক্ষক নিপন দাসৰ লগতে মালয়বাৰী গা‍ঁও পঞ্চায়তৰ সভাপতি তথা আয়োজক কমিটিৰ সভাপতি পবিত্ৰ কুমাৰ দাসে।

You may also read!

সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন

গুৱাহাটী : সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত অনুব্রত সমিতি,

Read More...

১৩৬ বেটেলিয়ান চিআৰপিএফ বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ

আজিজ আলী নলবাৰী : ১৩৬ বেটেলিয়ান চিআৰপিএফ বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ। নলবাৰীৰ সৰিয়হতলীত ১৩৬ নং বেটেলিয়ানৰ চিআৰপিএফ বাহিনীৰ বানাক্ৰান্তৰ বাবে বিশাল

Read More...

নগাঁৱত পুনৰ জ্বলিল ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ

নগাঁও : নগাঁৱত ড্ৰাগছ বিনষ্টিকৰণ কাৰ্যসূচী। নগাঁৱত পুনৰ জ্বলিল ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ। নগাঁও জিলাৰ বিভিন্ন থানাৰ আৰক্ষীয়ে

Read More...

Mobile Sliding Menu