মানকাচৰ : দক্ষিণ শালমাৰা থানাত উত্তপ্ত পৰিস্থিতি। জুলুফা খাতুনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ দাবীত দক্ষিণ শালমাৰা থানা ঘেৰাও ক্ষুদ্ধ জনতাৰ। যোৱা ৬ ডিচেম্বৰত জুলুফা খাতুন নামৰ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছিল স্বামী গৃহত। স্বামীৰ পৰিয়ালে আত্মহত্যা কৰা বুলি আৰক্ষী তথা জুলুফা খাতুনৰ পিতৃ পৰিয়ালক অৱগত কৰিছিল।

দক্ষিণ শালমাৰাত এগৰাকী মহিলাৰ মৃত্যুক হত্যাকাণ্ড বুলি অভিযোগ তুলি ৰাইজৰ উত্তাল প্ৰতিবাদ। মহিলা গৰাকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত ক্ষুদ্ধ জনতাই দক্ষিণ শালমাৰা থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। যোৱা যোৱা ৬ ডিচেম্বৰত জুলুফা খাতুন নামৰ এগৰাকী মহিলাৰ মৃতদেহ স্বামী ঘৰত উদ্ধাৰ হৈছিল।

মহিলা গৰাকীৰ স্বামীৰ পৰিয়ালে মহিলা গৰাকীৰ মৃত্যুক আত্মহত্যাৰ ঘটনা বুলি আৰক্ষী তথা মহিলা গৰাকীৰ পিতৃৰ পৰিয়ালক অৱগত কৰিছিল যদিও মহিলা গৰাকীৰ পৰিয়ালে এয়া এক হত্যা বুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে দুজন লোকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে।

ঘটনাৰ লগত জড়িত আন অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত দক্ষিণ শালমাৰাৰ শতাধিক ক্ষুদ্ধ জনতাই দক্ষিণ শালমাৰা থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শতাধিক পুৰুষ-মহিলাই হাতে হাতে প্লেকাৰ্ড, বেনাৰ লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে।প্ৰতিবাদকাৰী সকলে দক্ষিণ শালমাৰা আৰক্ষী থানাৰ ভিতৰত প্ৰৱেশ কৰি বিভিন্ন শ্ল’গান দিয়ে।

প্ৰতিবাদকাৰী ৰাইজৰ ৰূপ দেখি আৰক্ষীয়ে অতি শীঘ্ৰে ঘটনাৰ লগত জড়িত আন অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰাৰ আশ্বাস প্ৰদান কৰাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। উল্লেখ্য যে ল যোৱা সপ্তাহতো শতাধিক মহিলাই জুলুফা খাতুন নামৰ মহিলাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাই দক্ষিণ শালমাৰা থানা ঘেৰাও কৰিছিল।