দৰং : পৰিৱেশ ও বন, মীন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই দেওবাৰে বন আৰু মীন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে দৰং জিলাস্থিত ছিপাঝাৰৰ গৰুখুটি অঞ্চল পৰ্যবেক্ষণ কৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্প হাতত লোৱাৰ পোষকতা কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই গৰুখুটি অঞ্চলত বনাঞ্চল আৰু মীনপালন ক্ষেত্ৰ বিষয়ক বিভিন্ন প্ৰকল্প ৰূপায়নৰ বাবে প্ৰাৰম্ভিক পৰ্যবেক্ষণ কৰে।

মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বন বিষয়াসকলক ড্ৰোনৰ জৰিয়তে প্ৰকল্প অঞ্চলটোৰ এক সমীক্ষা চলাই স্থানীয় ৰাইজক উপকৃত কৰিবলৈ সকলো দিশ সামৰি এক উপযুক্ত পৰিকল্পনা তৈয়াৰ কৰিবলৈ নিৰ্দেশ দিয়ে। অঞ্চলটোত প্ৰকল্প ৰূপায়নৰ বাবে সকলো কাৰিকৰী দিশ সামৰি কৰিবলগীয়া ড্ৰোণ-সমীক্ষাৰো তেখেতে শুভাৰম্ভণি কৰে। অতি শীঘ্ৰেই বন বিভাগে এই প্ৰকল্প স্থানৰ বিস্তৃত মেপিং জমা কৰিব।
মন্ত্ৰী গৰাকীয়ে লগতে বন বিষয়াসকলক ঔষধীয় উদ্ভিদৰে সমৃদ্ধ এখন জৈৱ-বৈচিত্ৰ উদ্যান স্থাপনৰ বাবে উপযুক্ত স্থান নিৰ্বাচনৰ কৰিবলৈও নিৰ্দেশ দিয়ে।

“মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অতি আপোন গৰুখুটি অঞ্চলত কৃষি-বনাঞ্চল বা এগ্ৰো-ফৰেষ্ট্ৰী আৰু অন্যান্য বনানী বিষয়ক প্ৰকল্পৰ যথেষ্ট সম্ভাৱনা আছে আৰু বন বিভাগে এই অঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত যথাসম্ভৱ প্ৰচেষ্টা চলাব,” মুখ্যমন্ত্ৰীৰ সপোন-প্ৰকল্পটোৱে অন্য বহুতো প্ৰকল্পৰ বাবে পথ মুকলি কৰিব বুলি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মতপোষণ কৰে। মন্ত্রী গৰাকীয়ে মীন বিভাগৰ বিষয়াসকলকো জিলা প্ৰশাসনৰ সৈতে আলোচনাত বহি অঞ্চলৰ তুলনামূলকভাৱে নিম্ন ঠাইসমূহত পোনা পালন আৰু পুখুৰী নিৰ্মাণৰ প্ৰকল্পৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

মন্ত্রী গৰাকীয়ে লগতে স্থানীয় ৰাইজে গুজৰাটৰ পৰা অনা গীৰ গাইসমূহ লালন-পালন কৰি থকা অঞ্চলসমুহ পৰিভ্ৰমণ কৰে। দুগ্ধৰ সম্পৰ্কীয় বিভিন্ন দ্ৰব্য তথা দৈ আদিৰ ব্যৱসায়ৰ দ্বাৰা ইতিমধ্যে স্থানীয় ৰাইজ উপকৃত হৈছে। মন্ত্ৰী গৰাকীয়ে কিছুসময় দামুৰীসমূহৰ যতন লৈ পাৰ কৰে। তেওঁ স্থানীয় কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু অঞ্চলবাসী ৰাইজৰ সৰ্বাংগীণ আৰ্থ-সামাজিক উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে যথাসম্ভৱ প্ৰয়াস লোৱাৰ ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰে। তেওঁ‌ লগতে বন আৰু মীন বিভাগৰ অধীনত ৰূপায়ন হ’বলগা যিকোনো প্ৰকল্পলৈ আন্তৰিক সহযোগিতাৰ আশ্বাস দিয়ে।