মৃত্যুৰ ভাবুকিৰে বৃদ্ধ পিতৃক ঘৰৰ পৰা খেদিলে দুই চাকৰিয়াল পুত্ৰই

In ৰাজ্য

সোণতলী, ২২ ছেপ্টেম্বৰঃ দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত জাওঁকাটা দিয়াৰ দুই চৰকাৰী চাকৰিয়াল পুত্ৰই মৃত্যু ভাবুকিৰে পিতৃৰ ঘৰৰ পৰা খেদি পঠোৱাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে৷ প্ৰাপ্ত তথ্য মতে, জাওঁকাটা দিয়াৰ শ্বহৰ আলী নামৰ বৃদ্ধজন ৫০ বিঘাৰো অধিক মাটি সম্পত্তি মালিক৷ চাৰি পুত্ৰ আৰু তিনি কন্যাৰ পিতৃ শ্বহৰ আলীৰ দুই পুত্ৰই কৃষি কৰ্ম কৰাৰ উপৰি আন দুই পুত্ৰই অসম আৰক্ষীত চাকৰি কৰে৷ কিন্তু সন্তানৰ বাবেই বৰ্তমান শ্বহৰ আলীয়ে ভিক্ষাৰীৰ দৰে মাগি পেট পুৰাই মুকলি আকাশৰ তলত জীৱন অতিবাহিত কৰিবলগীয়া হৈছে৷ শ্বহৰ আলীয়ে সংবাদ ৩৬৫ৰ সাংবাদিকক জানিবলৈ দিয়া মতে, তেওঁ বিগত পোন্ধৰ বছৰে পুত্ৰৰ দ্বাৰা বিভিন্ন ধৰণে নিৰ্যাতিত হৈ আহিছে৷ শেহতীয়াকৈ চৰকাৰী চাকৰিয়াল দুই পুত্ৰ আয়নুল হক অৰু ময়নুল হকে তেওঁ মৃত্যুৰ ভাবুকি দি ঘৰৰ পৰা খেদি পঠিয়ায়৷ প্ৰায় দহদিন পূৰ্বে কোনো লোকে শ্বহৰ আলীক সোণতলী বজাৰত উদ্ধাৰ কৰে আৰু সম্প্ৰতি বৃদ্ধ গৰাকীক সোণতলী সত্ৰৰ আজিজুল হকৰ তত্বাৱধানত ৰখা হৈছে৷ উল্লেখ্য যে, বৃদ্ধ বয়সত সন্তানৰ বাবে পিতৃ-মাতৃ বোজা স্বৰূপ হৈ ৰাজপথত এৰি অহা বা বৃদ্ধাশ্ৰমত গতাই দিয়াৰ ঘটনা সঘনাই সংঘটিত হ’ব ধৰিছে৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ অসম বিধান সভা অধিবেশনত ৰাজ্য চৰকাৰে এখন আইন প্ৰণয়ন কৰে৷ এই আইনৰ অধীনত চৰকাৰী চাকৰিয়ালে পিতৃ মাতৃক অৱহেলা কৰিলে বা বৃদ্ধাশ্ৰম, ৰাজপথত এৰিলে তেওঁ দৰ্মহাৰ ১০শতাংশ কৰ্তন কৰি পিতৃ মাতৃৰ পালন পোষণত ব্যয় কৰা হ’ব৷ শ্বহৰ আলিয়ে ৰাজ্য চৰকাৰৰ এই নতুন আইনৰ অধীনত ন্যায় লাভ কৰিবনে, সেয়া সময়তহে দেখা যাব৷

 

Comments

comments

You may also read!

মঙলবাৰে স্বদেশলৈ অনা হ’ব শ্বহীদ পদুম বাহাদুৰৰ নশ্বৰদেহ : নিজ গৃহত সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব জোৱানজনৰ শেষকৃত্য

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ অক্টোবৰ : দেওবাৰে কাশ্মীৰ সীমান্তত পাকিস্তানী সন্ত্ৰাসবাদীৰে সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হয় এজন অসমীয়া

Read More...

লখিমপুৰ আৰু ডিমৌৰ থাওৰাত পথ দুৰ্ঘটনা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ অক্টোবৰ : লখিমপুৰৰ বাৰমাইলত দুখন যাত্ৰীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ । দুৰ্ঘটনাটোৰ ফলত ২০জনতকৈ

Read More...

ৰাজ্যৰ ৪ সমষ্টিত উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ

গুৱাহাটী, সংবাদ ৩৬৫, ২১ অক্টোবৰ : সোমবাৰৰ ৰাতিপুৱাৰ পৰা ৰাজ্যৰ ৪টা সমষ্টিত ৭ বজাৰ পৰা আৰম্ভ হ'ল উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ

Read More...

Mobile Sliding Menu