আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৬ অক্টোবৰ

শিৱসাগৰৰ যুৱদ’লত অনুষ্ঠিত অসম শিক্ষক সন্মিলনৰ কৃতজ্ঞতা সভাত অংশ গ্ৰহণ ৰাজ্যৰ শিক্ষা, বৃত্ত তথা স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ শিক্ষকৰ সমস্যা সমাধানৰ চেষ্টা চৰকাৰে অব্যাহত ৰাখিছে বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ। প্ৰাদেশিকৰণ, টেট শিক্ষকক নিয়মীয়া কৰা, খালি পদ পূৰণ কৰা আদিৰ লগতে দৰমহা বঞ্চিত শিক্ষকৰ সমস্যা সমাধান কৰাৰ চেষ্টাও চৰকাৰে অব্যাহত ৰাখিছে বুকিও সভাত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত নিয়োগ পোৱা কিন্তু বিভিন্ন কাৰণত দৰমহা নোপোৱা শিক্ষক সকলৰ সমস্যা সমাধানৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা হয়‌। এই সকলৰ যি সকলে প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে তেওঁলোকৰ নিয়মীয়া বেছিকৰ ভিত্তিত দৰমহা দিয়াৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে যি সকলে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা নাই সেই সকলক এক ফিক্স দৰমহা প্ৰদান কৰাৰ লগতে প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পাছত নিয়মীয়া কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। যি সকল শিক্ষাকে নিয়োগ লাভ কৰাৰ পাছত দৰমহা লাভ কৰা নাছিল আৰু প্ৰশিক্ষণো গ্ৰহণ কৰা নাছিল সেই সকলৰ বাবে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযাব যদিও চৰকাৰে এই সন্দৰ্ভত বিশেষ ব্যৱস্থা গ্ৰহণৰ চেষ্টা কৰিব বুলি জানিব দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শিক্ষকৰ অনুষ্ঠানৰ পৰা বিদায় লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত টাই আহোম যাদুঘৰ আকস্মিকভাৱে পৰিদৰ্শন কৰে।উক্ত সময়ত কৰ্মচাৰী উপস্থিত নথকা যাদুঘৰৰ তলা ভাঙি মন্ত্ৰীৰ প্ৰৱেশৰ ব্যৱস্থা কৰা হয় যদিও তলৰ মহলত বিদ্যুৎ সংযোগ নথকাৰ বাবে চাৰ্জ লাইটৰ পোহৰত যাদুঘৰ পৰিদৰ্শন কৰি যাদুঘৰৰ দুৰাৱস্থা দেখি মৰ্মাহত হয় মন্ত্ৰী গৰাকী। যাদুঘৰটোৰ উন্নয়ণৰ লগতে শিৱসাগৰৰ ঐতিহাসিক সমল সমূহৰ উচিত সংৰক্ষণৰ বাবে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰীৰ লগতে সাংস্কৃতিক সঞ্চালকালয়ৰ সৈতে কথা পাতি ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে মন্ত্রী গৰাকীয়ে। যাদুঘৰ পৰিদৰ্শন কৰি মন্ত্ৰী হিমন্তই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মাদ্ৰাছা বৰ্ডৰ লগতে মাদ্ৰাছা নামৰ বিলোপ ঘটাই আনুষ্ঠানিক শিক্ষা ব্যৱস্থাত ধৰ্মীয় শিক্ষা ব্যৱস্থাৰ অৱসান ঘটাব বুলি উল্লেখ কৰে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে সভ্যতাৰ যুঁজ অব্যাহত থাকিব বুলি উল্লেখ কৰি কয় যে এক বিশেষ সম্প্ৰদায়ৰ বাবে অসমীয়া মহিলা বিপদত পৰিছে। উজনি অসমত এনে প্ৰভাৱ নাই যদিও নগাঁৱৰ পৰা আৰম্ভ কৰি নামনি অসমত অসমীয়া মহিলাক বিভিন্ন ভুৱা নামেৰে প্ৰলোভিত কৰি বিবাহ কৰায় অত্যাচাৰ কৰি ধৰ্মান্তৰিত কৰিবলৈ বাধ্য কৰে। এনে অৱস্থাত বহু মহিলাই আত্মহত্যা কৰিছে বুলিও বিস্ফোৰক মন্তব্য কৰে। এই সমূহৰ অৱসান হ’ব লাগে বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰী গৰাকীয়ে আৰক্ষী নিয়োগ কেলেংকাৰীৰ সন্দৰ্ভত আৰক্ষীৰ তদন্তই যদি কাৰোবাক দোষী বুলি প্ৰমাণ লাভ কৰে তেন্তে সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়। যি সময়ত আৰক্ষীয়ে স্বয়ং আৰক্ষী অধীক্ষকক ৰেহাই দিয়া নাই তেন্তে মন্ত্ৰী-বিধায়কক ৰেহাই দিয়াৰ প্ৰশ্ন নাহে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে। সেইদৰে গঠন হোৱা জাতীয় দল সমূহক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একত্ৰিত হৈ আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দতা কৰিবলৈ আহবান জনায়।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কভিড-১৯ ৰোগৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে কয় যে অসমত এতিয়া কভিড ৰোগৰ পৰিস্থিতি ভাললৈ আহিছে। সকলো নিৰ্ভৰ কৰিব আগন্তুক দূৰ্গা পূজাক লৈ। পূজা যদি ৰাইজে সাৱধানতাৰে পালন কৰে তেন্তে এই বছৰৰ শেষলৈ কভিড নিৰাময় হ’ব। পুজা সম্পৰ্কে চৰকাৰে বান্ধি দিয়া নীতি নিয়ম ৰাইজে পালন নকৰে তেন্তে কভিডে ৰাজ্যত পুনৰ বেয়া পৰিস্থিতিৰ সৃষ্টি কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।