আনিছুৰ আলী

গৌৰিপুৰ

৮ অক্টোবৰ

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত সাহেৱগঞ্জ হাইস্কুলত চলিছে লুণ্ঠনৰাজ। সংখ্যালঘু ছাত্র বৃত্তিৰ নামত সাহেৱগঞ্জ হাইস্কুলত ভয়ংকৰ দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰে খবৰ ৰাখিছেনে নে সাহেৱগঞ্জ হাইস্কুলৰ দুৰ্নীতিৰ?

ধুবুৰীৰ সাহেৱগঞ্জ হাইস্কুলত সংখ্যালঘু ছাত্র বৃত্তিৰ নামত হাইস্কুলখনৰ প্ৰধান শিক্ষক গৰাকীয়ে ব্যাপক দুৰ্নীতি চলাই থকাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি হাইস্কুলখনৰ প্ৰধান শিক্ষক আই মহম্মদ সৰকাৰে দুৰ্নীতিৰ বজাৰ মেলি সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বাবে প্ৰতিজন ছাত্র-ছাত্রীৰ পৰা ২০০ টকাকৈ সংগ্ৰহ কৰিছে। প্ৰধান শিক্ষক আই মহম্মদ সৰকাৰৰ বিৰুদ্ধে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ধন সংগ্ৰহ কৰাৰ এই গুৰুত্বৰ অভিযোগ উথাপিন কৰিছে হাইস্কুলখনৰ ছাত্র-ছাত্রী সকলে। ইয়াৰ সমান্তৰালে হাইস্কুলখনৰ সকলো কাম-কাজ ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱকক অৱগত নকৰাকৈ প্ৰধান শিক্ষক আই মহম্মদে নিজৰ ইচ্ছামতে চলাই থকাৰো অভিযোগ তুলিছে ছাত্র-ছাত্রী সকলৰ অভিভাৱক সকলে।

শিক্ষাৰ নামত ৰমৰমীয়া ব্যৱসায়ী চলাই থকা সাহেৱগঞ্জ হাইস্কুলৰ প্ৰধান শিক্ষক আই মহম্মদ সৰকাৰে কাৰ অনুমতি সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ছাত্ৰ-ছাত্ৰী সকলৰ পৰা ২০০ টকাকৈ সংগ্ৰহ কৰিছে? হাইস্কুলখনত ব্যাপক দুৰ্নীতি আৰু অনিয়ম চলাই থকা প্ৰধান শিক্ষক আই মহম্মদ সৰকাৰৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে এইয়া সময়তে দেখিবলৈ পোৱা যাব।