কোকৰাঝাৰ, সংবাদ ৩৬৫, ২৬ জুলাইঃ কোকৰাঝাৰ জিলাৰ ভাৰত -ভূটান সীমান্তত সেনা-আৰক্ষীৰ যৌথ অভিযান। সমাগত স্বাধীনতা দিৱসত কুটাঘাতৰ পৰিকল্পনা কৰা এনডিএফবি(ছ)ৰ সদস্যৰ তথ্যৰ ভিত্তিত উত্তৰ ঝাৰবাৰীত চলিছিল অভিযান। এই অভিযানত দীপক ব্ৰহ্ম ওৰফে বি. দৌফূংগৌন (২৮) নামৰ এনডিএফবি( ছা) সদস্যক আটক কৰা হয়। গ্ৰেপ্তাৰ সদস্য জনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে তালাচি চলাই অঞ্চলটোত মাটিত পুতি থোৱা অৱস্থাৰ পৰা আমেৰিকাত নিৰ্মিত এম ১৬ ৰাইফল এটা , ১১ জাঁই গুলী উদ্ধাৰ কৰে। ইয়াৰোপৰি ধৃত এনডিএফবি(ছ) সদস্যগৰাকীৰ পৰা আৰক্ষীয়ে এটা চাইনিজ গ্ৰেণেড, মাল্টিমিডিয়া মোবাইল ফোন জব্দ কৰে। ধৃত এনডিএফবি (ছ) সদস্য গৰাকী সমাগত স্বাধীনতা দিৱসত কুটাঘাতৰ পৰিকল্পনা কৰিছিল বুলি কোকৰাঝাৰ জিলা উপ আৰক্ষী অধীক্ষক প্ৰকাশ মেধীয়ে সদৰি কৰিছে ।