সোনতলীত কামৰূপ আৰক্ষীৰ গাঞ্জাৰ বিৰুদ্ধে বৃহৎ অভিযান: অভিযানত জব্দ প্ৰায় কেইবা কেজি গাঞ্জা

In ৰাজ্য

বকো, সংবাদ ৩৬৫, ১৮ ডিচেম্বৰ: বকোৰ সোনতলীত মঙ্গলবাৰে কামৰূপ আৰক্ষীয়ে গাঞ্জাৰ বিৰুদ্ধে এক অভিযান চলায়। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, ডি এছ পি কল্যাণ কুমাৰ পাঠক আৰু ডেইজি গগৈৰ নেতৃত্বত চলা অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা খেতি ধ্বংস কৰাৰ লগতে উদ্ধাৰ কৰে ২৪ কেজি ৫০০ গ্ৰাম শুকান গাঞ্জা। সোনতলী আৰক্ষী চকীৰ এলেকাধীন লটৰাদিয়া গাঁৱৰ কেবাজনো অসাধু লোকে কৰা বৃহৎ পৰিমাণৰ গাঞ্জা খেতি ধ্বংস কৰাৰ লগতে উক্ত গাঁৱৰ জয়নাল আলীৰ ঘৰৰ পৰা ২৪ কেজি ৫০০ গ্ৰাম শুকান গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ ইফালে আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে গাঞ্জা ব্যৱসায়ী জয়নাল আব্দিন। উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা সোনতলীৰ উক্ত অঞ্চল সমুহত গাঞ্জা খেতি কৰাৰ লগতে চলাই আছিল গাঞ্জাৰ ব্যৱসায়।

Comments

comments

You may also read!

কলমণিৰ কুৰ্ম মাধৱ দেৱালয়ত সমূহীয়া প্ৰাৰ্থনা: মন্ত্ৰী হিমন্তক ক’লা পতাকা প্ৰদৰ্শণৰ বিৰুদ্ধে প্ৰতিবাদ

বাইহাটা চাৰিঅালিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তৰ দৰে কলমণিৰ ঐতিহ্যমণ্ডিত কুৰ্ম মাধৱ দেৱালয়

Read More...

দক্ষিণ কামৰূপৰ ছয়গাঁৱত দিন দুপৰতেই সংঘটিত হল অপহৰণকাণ্ড

ছয়গাঁও, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: দক্ষিণ কামৰূপৰ ছয়গাঁৱত বুধবাৰে দিন দুপৰতেই সংঘটিত হ'ল এক অপহৰণকাণ্ড । স্থানীয় দলৈপাৰা গাঁৱৰ

Read More...

সৰভোগৰ মাদুলীঝাৰত সেনা বাহিনীৰ জোৱানৰ পত্নীক অপহৰণ

সৰভোগ, সংবাদ ৩৬৫, ২৩ জানুৱাৰী: এইবাৰ অপহৰণকাৰীৰ জালত সেনা বাহিনীৰ জোৱানৰ পত্নী। বৰপেটা জিলাৰ সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত মাদুলীঝাৰ

Read More...

Mobile Sliding Menu