আজাৰা, সংবাদ ৩৬৫, ১৭ ডিচেম্বৰ: মানুহ জীয়াই থাকিবলৈ হ’লে সু স্বাস্থ্যৰ অধিকাৰী হ’ব বিচাৰিলে কৃষি ব্যৱস্থা মজবুত কৰা খুবেই প্ৰয়োজন। সেয়ে কৃষি ক্ষেত্ৰক মজবুত কৰাৰ লগতে আগুৱাই লৈ যোৱাৰ বাবে আজাৰা কাহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত সোমাবাৰৰ পৰা দুদিনীয়াকৈ ৰাজ্যিক ভিত্তিত কৃষক মেলা অনুষ্ঠিত কৰা হয়। এই কৃষক মেলাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা কৃষকসকল আহি ভিৰ কৰিছে। লগতে ভিন্ন প্ৰজাতিৰ ওখ-চাপৰ হাহঁ, কুকুৰাকে আদি কৰি কমলা টেঙা, টিয়হ, কিৱি আদি ভিন্ন প্ৰকাৰৰ ফলমুলৰ কৃষকৰ বিপনিকে ধৰি কাপোৰৰ বিপনীৰে ভৰি পৰিছে এই কৃষক মেলা। এক উৎসৱমুখৰ পৰিৱেশেৰে উদুলি-মুদুলি ৰাজ্যিক ভিত্তিত কৃষক মেলা। সোমবাৰৰ এই কৃষক মেলাত বনমন্ত্ৰী পৰিমল শুক্ল্যবৈদ্যই মেলাৰ সকলো বিপনী পৰ্যবেক্ষন কৰিবলৈ উপস্থিত হোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে এই কৃষি মেলাত উপস্থিত আছিল দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কৃষিবিজ্ঞানীৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি ।