বকো, সংবাদ ৩৬৫, ১৮ ডিচেম্বৰ: বকোৰ সোনতলীত মঙ্গলবাৰে কামৰূপ আৰক্ষীয়ে গাঞ্জাৰ বিৰুদ্ধে এক অভিযান চলায়। কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, ডি এছ পি কল্যাণ কুমাৰ পাঠক আৰু ডেইজি গগৈৰ নেতৃত্বত চলা অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা খেতি ধ্বংস কৰাৰ লগতে উদ্ধাৰ কৰে ২৪ কেজি ৫০০ গ্ৰাম শুকান গাঞ্জা। সোনতলী আৰক্ষী চকীৰ এলেকাধীন লটৰাদিয়া গাঁৱৰ কেবাজনো অসাধু লোকে কৰা বৃহৎ পৰিমাণৰ গাঞ্জা খেতি ধ্বংস কৰাৰ লগতে উক্ত গাঁৱৰ জয়নাল আলীৰ ঘৰৰ পৰা ২৪ কেজি ৫০০ গ্ৰাম শুকান গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ ইফালে আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে গাঞ্জা ব্যৱসায়ী জয়নাল আব্দিন। উল্লেখ্য যে, দীৰ্ঘদিনৰে পৰা সোনতলীৰ উক্ত অঞ্চল সমুহত গাঞ্জা খেতি কৰাৰ লগতে চলাই আছিল গাঞ্জাৰ ব্যৱসায়।