ৰঙিয়া, সংবাদ ৩৬৫, ১৮ ডিচেম্বৰ: ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অনুষ্ঠান ইস্তেমাৰ প্ৰস্তুতিৰ বাবে ৰঙিয়াৰ মাদৈকাটাত জাতি-ধৰ্মৰ ভেদাভেদ নোহোৱাকৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে বড়ো আৰু শৰণীয়া লোকসকলে। সাম্প্ৰতিক সময়ত এচামে জাত-পাতৰ ৰাজনীতি কৰি অহাৰ বিপৰীতে শংকৰ-আজানৰ দেশ অসমত সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰাৰ বাবে বৰ্তমানেও বহু লোক ব্ৰতী হৈ আছে । তাৰেই উৎকৃষ্ট নিদৰ্শন পৰিলক্ষিত হৈছে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত তথা বি টি এ ডিৰ অধীনস্থ মাদৈকাটাত। মুছলমান লোকসকলৰ সমানে সমানে অঞ্চলটোৰ বড়ো আৰু শৰণীয়া লোকসকলে শান্তি সম্প্ৰীতিৰ এনাজৰীৰে নিঃস্বাৰ্থ ভাৱে সমানে সহযোগিতা আগবঢ়াইছে। বাঁহ কঢ়িওৱাৰ পৰা ৰছী বন্ধালৈকে সকলো কামতে অতি আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে । এক লক্ষাধিক ধৰ্মপ্ৰাণ ৰাইজক আদৰাৰ বাবে অহা ১ জানুৱাৰীৰ পৰা হব লগীয়া ইছলাম ধৰ্মাৱলম্বী লোকৰ এই ইস্তেমাত স্থানীয় বড়ো আৰু শৰণীয়া জনগোষ্ঠীৰ গঞাই শ্ৰমদান কৰি সহায়ৰ হাত আগবঢ়াইছে । অঞ্চলটোৰ এনে ভিন্ন সম্প্ৰদায়ৰ মাজত থকা এনে সম্প্ৰীতিয়ে চৰ্চা লাভ কৰিছে ‌। এসময়ত ভয়াবহ গোষ্ঠী সংঘৰ্ষ‌ই অশান্ত কৰা বি টি এ ডিত বৰ্তমান মুছলমান আৰু বড়ো সম্প্ৰদায়ৰ মাজত এনে মিলা-প্ৰীতিয়ে মানৱতাবোধ আৰু শান্তিৰ বাৰ্তা কঢ়িয়াই আনিছে । উল্লেখ্য যে ৰঙিয়া , বাক্সা আৰু দৰং মাৰ্কজ জিলা সমিতিৰ উদ্যোগত অহা ১ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ এই ইস্তেমাৰ আয়োজন কৰিছে । প্ৰায় দুই লক্ষাধিক ধৰ্মপ্ৰাণ লোকৰ হব লগীয়া এই ইস্তেমাৰ বাবে সুবিশাল পেণ্ডেল নিৰ্মাণ কৰি থকা হৈছে । বৃহৎ সংখ্যক লোকক আদৰাৰ বাবে প্ৰস্তুতি চলোৱা কাৰ্যত মুছলমানৰ লগতে অঞ্চলটোৰ বড়ো আৰু শৰণীয়া লোকসকলেও চেষ্টাৰ কোনো ত্ৰুটি ৰখা নাই ।