কুন্দন ভৰালী

নগাঁও

২২ জুলাই

নগাওঁ চহৰৰ হয়বৰগাঁৱৰ পদপথত দোকান দিয়া নিষেধ। হয়বৰগাঁৱৰ পদপথত দোকান দি ভিৰ কৰিলে আৰক্ষীয়ে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা। হয়বৰগাঁও আৰক্ষীয়ে মাইক যোগে কৰিলে ঘোষণা দোকান লগতে বাহন পাৰ্কিং কৰা লোকৰ বিৰূদ্ধেও গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা।

ৰাজ্যত বিশ্বব্যাপী মহামাৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ভয়াবহ ৰূপ ধাৰণ কৰিছে। প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। বিশেষকৈ গুৱাহাটী মহানগৰী কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ হট স্পটত পৰিণত হৈছে। গুৱাহাটী মহানগৰীৰ লেখীয়া অৱস্থা যাতে অন্য জিলা সমূহত নহয় ইয়াৰ বাবে প্ৰতিখন জিলাৰ আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিছে কিছুমান বিশেষ পদক্ষেপ। নগাঁও চহৰত আৰক্ষী আৰু জিলা প্ৰশাসনে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি ৰাইজক নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায় আহিছে যদিও বিভিন্ন সময়ত ৰাইজে নীতি নিৰ্দেশনা উলংঘ কৰা প্ৰিলক্ষিত হৈছে।

নগাঁও চহৰৰ হয়বৰগাঁৱৰ পদপথ সমূহত প্ৰায়ে নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি ৰাইজ ওলাই অহা দেখিবলৈ পোৱা যায়। বিশেষকৈ হয়বৰগাঁৱৰ পদপথ সমূহৰ ওপৰত বহা দোকান সমূহত ৰাইজে কোনো ধৰণৰ সামাজিক দূৰত্ব বজাই নাৰাখি ব্যস্ত হৈ পৰে বজাৰ কৰাত। হয়বৰগাঁৱৰ পদপথৰ দোকান সমূত প্ৰতিদিনে সকলো নীতি নিৰ্দেশনা উলংঘা কৰি ভিৰ কৰে বহু লোকে। সেইহে হয়বৰগাঁৱৰ ভিৰ ৰোধ কৰিবলৈ তৎপৰ হৈ পৰিছে নগাঁও আৰক্ষী। নগাঁও যান বাহন আৰক্ষীৰ লগতে হয়বৰগাওঁ আৰক্ষীয়ে বুধবাৰে হয়বৰগাঁৱৰ পদপথত থকা দোকান সমূহ বৃহস্পতিবাৰৰ পৰা বন্ধ কৰিবলৈ মাইক যোগে ঘোষণা কৰে। আৰক্ষীয়ে পদপথৰ দোকানী সকলক বৃহস্পতিবাৰৰ পৰা পদপথৰ ওপৰত দোকান নিদিবলৈ আহ্বান জনাই কয় যে যদি কোনোবাই পদপথৰ ওপৰত দোকান দিয়ে তেন্তে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব।

পদপথৰ দোকান সমূহৰ লগতে হয়বৰগাঁৱত বহু লোকে যধে মধে বাহন সমূহ পাৰ্কিং কৰিও যানজটৰ সৃষ্টি কৰি পথচাৰী সকলৰ বাবে সমস্যাৰ সৃষ্টি কৰি আহিছে। পৱৰ্কিংৰ নামত যানজটৰ সৃষ্টি কৰা এই বাহন চালক সকলৰ বিৰুদ্ধেও আৰক্ষীয়ে বৃহস্পতিবাৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি অৱগত কৰে আৰক্ষীয়ে।