নিউজ ডেস্ক, সংবাদ ৩৬৫, ৪ মে’ : ১৫ মে’ত পুৱা ৯ বজাত ঘোষণা কৰা হব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ।ছেবাৰ বৰ্ডৰ সভাত শনিবাৰে এই সিদ্ধান্ত লোৱা হয় ।এছ এম এছ আৰু ছেবাৰ বিভাগীয় ৱেবচাইটত পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল ।

ইয়াৰোপৰি ৮ বজাৰ লগে লগে পৰীক্ষাৰ্থী সকলে নিজ নিজ বিদ্যালয়ত লাভ কৰিব ফলাফল । এইবাৰ হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাত অৱৰ্তীন হৈছিল ৩ লাখ ৫৪ হাজাৰ ১৪৩ গৰাকী পৰীক্ষাৰ্থী ।