গুৱাহাটী

২৬ আগষ্ট

ৰাজ্যত নাটনি হ’ব পাৰে ৰন্ধন গেছৰ। ২৭ আগষ্ট পৰা ৰাজ্যত নাটনি হ’ব পৰে ৰন্ধন গেছৰ।অনিৰ্দিষ্ট কাললৈ বন্ধ হ’ব ৰন্ধন গেছ কঢ়িওৱা বাহনৰ চলাচল। কেইবাটাও দাবী লৈ ধৰ্মঘটত নামিব বটলিং প্লান্ট সমুহৰ গাড়ীৰ কৰ্মচাৰী সকল।

নৰ্থ-ইষ্ট পেক’ড এল পি জি ট্ৰেন্সপোৰ্ট এছচিয়েচনয়ে অহা ২৭ আগষ্টৰ পৰা অনিৰ্দিষ্ট কাললৈ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন সিদ্ধান্ত গ্ৰহণ কৰিছে। বটলিং প্লান্টসমুহৰ গাড়ীৰ নিবিদাৰ কার্যলয় গুৱাহাটীৰ পৰা কলিকতালৈ স্থানতৰ কৰা, এল পি জি গেছৰ চিলিণ্ডাৰ কঢ়িওৱা গাড়ী সমূহৰ ভাড়া পুৰ্বতকৈ কমাই দিয়া, গাড়ী বোজা বঢ়াই দিয়াকে ধৰি কেইবাটাও দফা লৈ ধৰ্মঘটত নামিব বটলিং প্লান্ট সমুহৰ গাড়ীৰ কৰ্মচাৰী সকল। বটলিং প্লান্ট সমুহৰ গাড়ীৰ কৰ্মচাৰী সকল ২৭ আগষ্টৰ পৰা ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিলে গেছ চিলিণ্ডাৰ কঢ়িওৱা বাহন সমূহৰ চলাচল চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব ফলত ৰাজ্যত ৰন্ধন গেছৰ নাটনি হোৱাটো নিশ্চিত।

অনিৰ্দিষ্ট কাললৈ ৰন্ধন গেছ কঢ়িওৱা গাড়ী সমূহৰ চলাচল বন্ধ হৈ পৰাত অচল হৈ পৰিব উত্তৰ গুৱাহাটী, মিৰ্জা সৰপাৰা, গোপানাৰি, শিপচৰ, চেকমাই, দুলীয়াজান, ডিমাপুৰ, আগৰটলা বটলিং প্লান্ট। ইণ্ডিয়ান অইল কৰ্তৃপক্ষই বটলিং প্লান্ট সমুহৰ গাড়ীৰ কৰ্মচাৰী সকলৰ দাবীসমুহ মানি নোলোৱালৈকে অব্যাহত থাকিব ধৰ্মঘট কাৰ্যসূচী।