গুৱাহাটী, সংবাদ ৩৬৫,৭ এপ্ৰিল : ৰাজ্যত ২৭ জনলৈ বৃদ্ধি পালে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰৰ যোগে সদৰী কৰিলে অসমৰ ধুবুৰী জিলাত পুনৰ এজন লোকৰ দেহত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ধান পোৱাটো।

বিশ্বৰ প্রায় ২০০ তকৈও অধিক দেশত দিনক দিনে ভয়াৱহ ভাবে বৃদ্ধি পাইছে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। কিছুদিন পূৰ্বে অসমত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা নাছিলে যদিও ৩১মাৰ্চত অসমৰ কৰিমগঞ্জ জিলাত ৰাজ্যৰ প্ৰথমটো কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ কথা আহিছিল পোহৰলৈ।ইয়াৰ পিছৰেপৰা ৰাজ্যত প্ৰতিদিনে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে। শনিবাৰে নিশাৰ ভাগলৈ ৰাজ্যত ২৬ জনকৈ লোক মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱাৰ পৰিবৰ্তে দেওবাৰৰ পৰা বৃদ্ধি পোৱা নাছিল আক্রান্তৰ সংখ্যা। মঙলবাৰে কিন্তু পুনৰ ধুবুৰী জিলাৰ এজন ব্যক্তিৰ দেহত ধৰা পৰে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছ। ধুবুৰীত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোকজনো নিজামুদ্দিনৰ সৈতে জড়িত বুলি নিজৰ টুইট প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখনীয় যে বৰ্তমানলৈকে অসমত সৰ্বমুঠ ২৭ জন লোক আক্ৰান্ত হৈছে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছত। আক্রান্ত লোক সকলৰ ভিতৰত ১জন লোক গুৱাহাটীৰ আৰ জি বৰুৱা পথত অৱস্থিত স্পেনিছ গাৰ্ডেনৰ বাসিন্দা হোৱাৰ লগতে অন্য ২৬ জন লোকে তবলীগ জামাতত অংশগ্ৰহণ কৰিবলৈ যাত্ৰা কৰিছিল দিল্লীলৈ।