নিউজ ডেস্ক, সংবাদ ৩৬৫, ৬ এপ্ৰিল : মানুহৰ পিছত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হ’ল বাঘ। প্ৰথমবাৰৰ বাবে মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছে আক্ৰমণ কৰিলে জন্তুক। চিৰিয়াখানাৰ এটা বাঘ আক্রান্ত হৈছে কভিড-১৯ কৰ’ণা ভাইৰাছত।

সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰি মানৱ জাতিলৈ সংকট কঢ়িয়াই অনা কভিড-১৯ কৰ’ণা ভাইৰাছ এইবাৰ আক্ৰমণ কৰিলে জন্তুক। প্ৰাপ্ত তথ্য অনুসৰি নিউয়ৰ্কৰ ব্ৰংক্স চিৰিয়াখানাত এটা মাইকী বাঘ মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্রান্ত হৈছে। দেওবাৰে নিউয়ৰ্কৰ ব্ৰংক্স চিৰিয়াখানাৰ কৰ্তৃপক্ষই চিৰিয়াখানাৰ নাদিয়া নামৰ মাইকী বাঘ এটা কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ কথা সদৰি কৰিছে। চীনৰ য়ুহান প্ৰদেশত যোৱা বছৰ ডিচেম্বৰ মাহত উৎপত্তি লাভ কৰা কভিড-১৯ কৰ’ণা ভাইৰাছৰ দ্বাৰা বিশ্বৰ লাখ লাখ মানুহ সংক্ৰমিত হৈছে যদিও এই মাৰাত্মক ভাইৰাছে প্ৰথমবাৰৰ বাবে নিউয়ৰ্কৰ ব্ৰংক্স চিৰিয়াখানাৰ জন্তুক আক্ৰমণ কৰিছে। কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত নাদিয়া নামৰ মাইকী বাঘটোক বৰ্তমান নিউয়ৰ্কৰ ব্ৰংক্স চিৰিয়াখানাত চিকিৎসা প্ৰদান কৰা অব্যাহত ৰাখিছে পশু চিকিৎসকৰ এটা দলে।

জানিবলৈ পোৱা মতে নিদিয়া নামৰ মাইকী বাঘটোৰ লগতে নিউয়ৰ্কৰ ব্ৰংক্স চিৰিয়াখানাত ৬ টাকৈ মেকুৰী জাতীয় জন্তুৰ শৰীৰতো কভিড-১৯ কৰ’ণা ভাইৰাছৰ লক্ষণ দেখা দিছে। ব্ৰংক্স চিৰিয়াখানাৰ কৰ্তৃপক্ষই চিৰিয়াখানাখনত থকা অন্যান্য মেকুৰী জাতীয় জন্তুৰ শৰীৰত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছ যাতে বিয়পিব নোৱাৰে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে।