অনলাইন ডেস্ক সংবাদ ৩৬৫, ২১ জানুৱাৰীঃ ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু পৰিচালক কৰণ জহৰে আগভাগ লোৱা ৬৩সংখ্যক জিঅ’ ফিল্মফেয়াৰ বঁটা শনিবাৰে নিশা ঘোষণা কৰা হয় মায়ানগৰী মুম্বাইত। ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু কৰণ জহৰৰ লগতে বহু তাৰকাৰ উপস্থিতিত ৬৩সংখ্যক জিঅ’ ফিল্মফেয়াৰ বঁটা ঘোষণা কৰা হয়৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে বলীউডৰ মোহময়ী অভিনেত্ৰী ৰেখা, জয়া বচ্চন, মাধুৰী, কাজলৰ লগতে প্ৰীতি জিণ্টা, আলিয়া ভাট, সোণম কাপুৰৰ লগতে বহু নামী দামী অভিনেতা অভিনেত্ৰী। অনুষ্ঠানত অক্ষয় কুমাৰ, ৰণবীৰ সিং, পৰীণিতি চোপ্ৰাৰ লগতে অন্যান্য কলা কুশলীয়ে পৰিবেশন কৰে নৃত্য গীত। ২০১৮ চনৰ ৬৩সংখ্যক জিঅ’ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে ‘হিন্দী মেডিয়াম’ নামৰ ছবিখনে আৰু এই ছবিৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰা ইৰফান খানে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা। ইয়াৰ লগতে নিজৰ জীৱনৰ ষষ্ঠটো ফিল্মফেয়াৰ বঁটা লাভ কৰে অভিনেত্ৰী বিদ্যা বালানে। চলচ্চিত্ৰ সমালোচকৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ’ছিক্ৰেট ছুপাৰষ্টাৰ’ৰ বাবে অভিনেত্ৰী জাৰিয়া ৱাছিমে আৰু ’নিউটন’ৰ অভিনেতা ৰাজকুমাৰ ৰাৱে।
৬৩সংখ্যক জিঅ’ ফিল্মফেয়াৰ বঁটা ঘোষণা
In কলা-সংস্কৃতি, বিনোদন, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
You may also read!

তামুলপুৰত ছাত্র ছাত্ৰীৰ মৌন সমদল
তামুলপুৰ, সংবাদ ৩৬৫, ২০ ফেব্ৰুৱাৰী: জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত তামুলপুৰৰ ছাত্র ছাত্ৰীৰ মৌন
Read More...
ভাৰত বিৰোধী মন্তব্য ছচিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ বাবে দলগাঁৱত মঙ্গলবাৰে নিশা এজনক আটক
খাৰুপেটীয়া, সংবাদ ৩৬৫, ২০ ফেব্ৰুৱাৰী: পুলৱামা আক্ৰমনৰ পিচতে দেশত ভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ লগতে কোনো কোনোৱে আকৌ বিৰোধীমূলক মন্তব্য ছচিয়েল
Read More...
নৰ্থ কৰিমগঞ্জৰ বিধায়ক কমালক্ষডে পুৰকায়স্থ উপস্থিত বীৰ ছহিদ মনেশ্বৰ বসুমতাৰী বাসগৃহত
তামুলপুৰ, সংবাদ ৩৬৫, ১৯ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কলবাৰীস্থিত পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা বীৰ ছহিদ মনেশ্বৰ
Read More...