অনলাইন ডেস্ক সংবাদ ৩৬৫, ২১ জানুৱাৰীঃ ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু পৰিচালক কৰণ জহৰে আগভাগ লোৱা ৬৩সংখ্যক জিঅ’ ফিল্মফেয়াৰ বঁটা শনিবাৰে নিশা ঘোষণা কৰা হয় মায়ানগৰী মুম্বাইত। ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু কৰণ জহৰৰ লগতে বহু তাৰকাৰ উপস্থিতিত ৬৩সংখ্যক জিঅ’ ফিল্মফেয়াৰ বঁটা ঘোষণা কৰা হয়৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে বলীউডৰ মোহময়ী অভিনেত্ৰী ৰেখা, জয়া বচ্চন, মাধুৰী, কাজলৰ লগতে প্ৰীতি জিণ্টা, আলিয়া ভাট, সোণম কাপুৰৰ লগতে বহু নামী দামী অভিনেতা অভিনেত্ৰী। অনুষ্ঠানত অক্ষয় কুমাৰ, ৰণবীৰ সিং, পৰীণিতি চোপ্ৰাৰ লগতে অন্যান্য কলা কুশলীয়ে পৰিবেশন কৰে নৃত্য গীত। ২০১৮ চনৰ ৬৩সংখ্যক জিঅ’ ফিল্মফেয়াৰ বঁটাৰ শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে ‘হিন্দী মেডিয়াম’ নামৰ ছবিখনে আৰু এই ছবিৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰা ইৰফান খানে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা। ইয়াৰ লগতে নিজৰ জীৱনৰ ষষ্ঠটো ফিল্মফেয়াৰ বঁটা লাভ কৰে অভিনেত্ৰী বিদ্যা বালানে। চলচ্চিত্ৰ সমালোচকৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ’ছিক্ৰেট ছুপাৰষ্টাৰ’ৰ বাবে অভিনেত্ৰী জাৰিয়া ৱাছিমে আৰু ’নিউটন’ৰ অভিনেতা ৰাজকুমাৰ ৰাৱে।