৭০ বছৰীয়া বৃদ্ধৰ হাতৰ পৰা কাঢ়ি লৈ গ’ল ধনৰ টোপোলা

In ৰাজ্য
Umra Package

হোজাই 

২ জানুৱাৰী

হোজাই জিলাৰ ডবকাত মানৱ সমাজক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। দুৰ্বৃত্তই ৰেহাই নিদিলে এগৰাকী ৭০ বছৰীয়া বৃদ্ধকো। বৃদ্ধৰ হাতৰ পৰা কাঢ়ি লৈ গ’ল ধনৰ টোপোলা। ৰাজপথত চিঞৰি চিঞৰি কান্দিছে ৭০ বছৰীয়া বৃদ্ধই।

হোজাই জিলাৰ ডবকা চহৰত দিন দুপৰতে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ডবকাৰ এটা চি এছ পি’ৰ পৰা টকা উঠাই ঘৰলৈ গৈ থকা অৱস্থাত দুৰ্বৃত্তই এগৰাকী ৭০ বছৰীয়া বৃদ্ধৰ হাতৰ পৰা কাঢ়ি লৈ যায় ৬ হাজাৰ টকাৰ ধনৰ টোপোলা। দুৰ্বৃত্তই নিজকে পঞ্চায়ত সচিব হিচাপে পৰিচয় দি অতি কৌশলৰে বৃদ্ধ গৰাকীৰ পৰা লুটি লৈ যায় ৬ হাজাৰ টকা। দৰিদ্ৰ অসহায় বৃদ্ধ গৰাকীয়ে ৰাজপথত কান্দি কান্দি হাহাকাৰ কৰি থকা দেখিবলৈ পোৱা যায়। বহিঃৰাজ্যত কৰ্মৰত একমাত্ৰ পুত্ৰই পৰিয়ালৰ ৰেচন পাতিৰ খৰছৰ বাবে ৬ হাজাৰ টকা পঠিয়াইছিল বুলি জানিবলৈ দিয়ে বৃদ্ধ গৰাকীয়ে।

বৃদ্ধ গৰাকী ডবকাৰ চাংমাজিৰ ৬ নং ওৱাৰ্ডৰ আব্দুল লটিভ বুলি জানিব পৰা গৈছে। ডবকা চহৰৰ মাজ মজিয়াত সংঘটিত হোৱা মানৱ সমাজক লজ্জানত কৰা এই চাঞ্চল্যকৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃদ্ধ গৰাকীয়ে কান্দি কান্দি সহায় বিচাৰি থকা দৃশ্যই সকলোকে আবেগিক কৰি তোলে।

You may also read!

Drinking Water : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা

গুৱাহাটী : অচিৰেই গুৱাহাটীৰ বহু অঞ্চলত বন্ধ হ’ব পৌৰ নিগমৰ পানী যোগান ব্যৱস্থা (Drinking Water)। গুৱাহাটী মহানগৰীৰ যিসমূহ এলেকাত

Read More...

Farmers Awareness : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ শুভাৰম্ভণি

নলবাৰী : ফচল বীমা যোজনা আঁচনি সন্দৰ্ভত নলবাৰীত কৃষক সজাগতা সভাৰ (Farmers Awareness) শুভাৰম্ভণি। নলবাৰী জিলাৰ ৬৫ খন গাঁও

Read More...

Online facility for House Construction Permission : পহিলা জানুৱাৰীৰ পৰা ৰাজ্যত মাথোঁ অনলাইনযোগেহে গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ব্যৱস্থা

গুৱাহাটী : অহা বছৰৰ পহিলা জানুৱাৰীৰ পৰা ৰাজ্যৰ চহৰসমূহত গৃহ নিৰ্মাণৰ অনুমতি প্ৰদানৰ ক্ষেত্ৰত বৰ্তমানে থকা ‘মেনুৱেল’ পদ্ধতিৰ অৱসান

Read More...

Mobile Sliding Menu