ৰঙিয়া

২৯ অক্টোবৰ

অৱশেষত ৰঙিয়াত পোৱা গ’ল কোটি টকীয়া ৯০ দশকৰ টেলিভিছন। বিশেষ টেলিভিছনটোৰ সন্ধানত নামি পৰিছিল বহু চাকৰিয়ালৰ পৰা শিক্ষিত যুৱক। ৰঙিয়াৰ চেপ্তীত উদ্ধাৰ হোৱা পৰিয়ালটোৰ ঘৰত গ্ৰাহকৰ ব্যাপক ভিৰ।

বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত চৰ্চাৰ বিষয়া বস্তু হৈ পৰিছে এটা বিশেষ টেলিভিছন। ৯০ দশকৰ এই বিশেষ টেলিভিছনৰ মূল্য ১ কোটিৰ পৰা ৫ কোটি বুলি প্ৰচাৰ হোৱাৰ পিছৰে পৰা এই বিশেষ টেলিভিছনটোৰ সন্ধানত উঠি-পৰি লাগিছে বহু লোক। ৰঙিয়াটো এই বিশেষ টেলিভিছনটো বিচাৰি হাবাথুৰি খাইছে বহু চাকৰিয়ালৰ পৰা শিক্ষিত যুৱক। অৱশেষত ৰঙিয়াৰ চেপ্তীৰ এঘৰ পৰিয়ালৰ ঘৰত সন্ধান ওলাল ৯০ দশকৰ কাঠৰ বাকচৰ টিভিটোৰ। ইয়াৰ পিছতে বিশেষ টেলিভিছনটো থকা পৰিয়ালটোৰ ঘৰত গ্ৰাহকৰ ব্যাপক ভিৰ। কোনোবাই কৈছে টেলিভিছনটো সংগ্ৰাহলয়ত বিক্ৰী হ’ব। কোনোবাই আকৌ কৈছে টেলিভিছনটো ভিতৰত এবিধ বিশেষ দ্ৰব্য থাকে আৰু এই বিশেষ দ্ৰব্য হৈছে ৰেড মাৰ্কিউৰি। মিচাইল নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হয় ৰেড মাৰ্কিউৰি বুকিও প্ৰচাৰ চলাইছে একাংশই। সেইহে টেলিভিছনটো মূল্য ১ কৌটি টকাৰ পৰা ৫ কৌটি টকা বুলি অনুমান কৰিছে বহুতে। বিশেষ টেলিভিছনটো চাবলৈ বিগত তিদিদিন ধৰি টেলিভিছনটো থকা পৰিয়ালৰ ঘৰত গ্ৰাহক আহি আছে ঠিকেই, কিন্তু টেলিভিছনটো বিক্ৰী হোৱা নাই।

সাধাৰণ এটা টেলিভিছনৰ বাবে হঠাৎ এনেদৰে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হোৱাত চিম্তিত হৈ পৰিছে টেলিভিছনটোৰ গৰাকী। সেয়া যি নহওক, কোনো দুষ্ট চক্ৰই টেলিভিছনটোৰ সম্পৰ্কে ভুৱা তথ্য ভাইৰেল কৰাৰ পিছত উৰা বাতৰিৰ পিছে পিছে দৌৰি ফুৰিছে একাংশই।