ৰঙিয়া, সংবাদ ৩৬৫, ২ ফেব্ৰুৱাৰীঃ  ৰঙিয়া চহৰত শুক্ৰবাৰে ৰঙিয়া মহাবিদ্যালয়ে এক সজাগতামুলক শোভাযাত্ৰা উলিয়াই। গড় হত্যা ৰোধ, পৰিবেশ ৰক্ষা, বেটী বাচাও বেটী পাঢ়াও, গিএছটি, নাৰী নিৰ্যাতন, মহিষাসুৰ বধ, তেজীমলাৰ কাহিনী, চম্পাৱতীৰ কাহিনী, তুলা আৰু তেজাৰ কাহিনী অসমীয়া সংস্কৃতি, অসমীয়া সংস্কৃতিত মাছ মৰাৰ পৰম্পৰা প্ৰদৰ্শনীৰ বাবে শুক্ৰবাৰে ওলাই আহে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল। ৰঙিয়া মহাবিদ্যালয়খনৰ ৫৫ সংখ্যক বাৰ্ষিক খেল সপ্তাহ উপলক্ষে উলিওৱা এই বৰ্ণাঢ্য শোভাযাত্ৰাত ভাস্বত হয় বিভিন্ন সজাগতামূলক দৃশ্য। ৰঙিয়া চহৰৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি ছাত্ৰ ছাত্ৰীসকলে সজাগতামুলক প্ৰদৰ্শনী দেখুৱাই ৰাইজক  আহ্বান জনাই পৰিবেশ সংৰক্ষণ কৰাৰ। ছাত্ৰ ছাত্ৰীসকলৰ এই বিনম্ৰ প্ৰয়াসত ভাগ লয় মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, কৰ্মচাৰীসকলেও। বিদ্যাতনিক দিশত বিশেষ অৰিহণা যোগোৱা  মহাবিদ্যালয়খনৰ বাৰ্ষিক খেল সপ্তাহ উপলক্ষে উলিওৱা বৰ্ণাঢ্য শোভাযাত্ৰাটোত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি  সংস্কৃতিৰ গীত মাত পৰিবেশন কৰা হয়।