ৰঙিয়া, সংবাদ ৩৬৫, ২ ফেব্ৰুৱাৰীঃ ৰঙিয়া চহৰত শুক্ৰবাৰে পুৱা পৌৰ কৰ্মচাৰীয়ে তীব্র প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। শুক্ৰবাৰে ৰঙিয়া পৌৰসভা কাৰ্যালয়ৰ সন্মুখত সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে পৌৰ কৰ্মীসকলৰ চাকৰী নিয়মীয়াকৰণ আৰু ন্যায্য প্ৰাপ্তিৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। পৌৰ কৰ্মচাৰীসকলৰ দৰমহা নিয়মীয়া কৰক, পৌৰ প্ৰশাসন মন্ত্ৰী মূৰ্দাবাদ, বিজেপি চৰকাৰ মূর্দাবাদ, আমাৰ দাবী ন্যাৰ্য দাবী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে পৌৰ কৰ্মচাৰীসকলে। পৌৰ কৰ্মচাৰীসকলে চৰকাৰে ভুৱা প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ কৰি অতি শীঘ্ৰে পৌৰ কৰ্মচাৰী সকলৰ দাবী চৰকাৰে মানি নললে পৌৰ কৰ্মচাৰী সকলে গণতান্ত্ৰিক ভাৱে তীব্র আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে।