গুৱাহাটী, সংবাদ ৩৬৫, ১৩ মে’ : ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ৭৯ লৈ বৃদ্ধি পাইছে। কামৰূপ মহানগৰ জিলাত বুধবাৰে একেলগে ১৫ জন লোক আক্রান্ত হৈছে কভিড-১৯ কৰ’ণা ভাইৰাছত। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইট যোগে সদৰি কৰিলে কামৰূপ মহানগৰ জিলাত নতুনকৈ ১৫ জন লোক আক্রান্ত হোৱাৰ কথা।

দেশৰ অন্যান্য ৰাজ্য সমূহৰ সমান্তৰালে অসমতো প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা। বুধবাৰে পুনৰ অসমত ১৫ জনকৈ কভিড-১৯ কৰ’ণা ভাইৰাছ আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পায়। কামৰূপ মহানগৰ জিলাত ১৫ জন লোক মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। আক্রান্ত ১৫ লোক সোমবাৰে ফাঁচী বজাৰত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত মহানগৰীৰ ফাঁচী বজাৰৰ লোক জনৰ সংস্পৰ্শলৈ আহিছিল বুলি টুইট যোগে সদৰি কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ ১৫ জন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৭৯ লৈ বৃদ্ধি পাইছে। ইয়াৰে ৩৯ গৰাকী ৰোগী ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভটিছে।

উল্লেখ্য যে, সোমবাৰে মহানগৰীৰ ফাঁচী বজাৰৰ এছ এছ ৰোডস্থিত ৰাজকমল হোটেলত মঙৰু সাহানি নামৰ এজন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰিছিল। মঙৰু সাহানি চাংচাৰীৰ আলু গুদামত কৰ্মৰত আছিল। কিছুদিন পূৰ্বে জ্বৰত আক্রান্ত হোৱাৰ পিছত মঙৰু সাহানি ফাঁচী বজাৰৰ ৰাজকমল হোটেলত আছিল আৰু পিছত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি হৈছিল।