গুৱাহাটী, সংবাদ ৩৬৫, ১৩ মে’ : উত্তৰ পূৱৰ প্ৰধান ব্যৱসায়িক কেন্দ্ৰ ফাঁচী বজাৰৰ কেইবাখনো অঞ্চল তিনি দিনৰ বাবে সম্পূৰ্ণ বন্ধ কৰি সকলোকে ঘৰত থকাৰ আহ্বান জনাইছে কামৰূপ চেম্বাৰ অফ কমাৰ্চ। দোকান-পোহৰ বন্ধ কৰি ৰখাৰ লগতে ফাঁচী বজাৰৰ আবাসী সকলকো নিজকে তিনি দিনৰ বাবে ঘৰৰ ভিতৰত কোৱাৰেইণ্টাইন কৰি ৰাখিবলৈও আহ্বান জনাইছে কামৰূপ চেম্বাৰ অফ কমাৰ্চ।

কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ফাঁচী বজাৰৰ টি আৰ পি ৰোড, কেডাৰ ৰোড, এম জি ৰোড, এইচ বি ৰোড, চেম্বাৰ ৰোড, এম এছ ৰোড, এছ আৰ চি বি ৰোড আৰু এই ৰোড সমূহৰ লগত সংলগ্ন সকলো ৰোডত থকা দোকান-পোহৰ তিনি দিনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিবলৈ ফাঁচী বজাৰৰ ব্যৱসায়ী সকলক আহ্বান জনাইছে কামৰূপ চেম্বাৰ অফ কমাৰ্চ। ফাঁচী বজাৰৰ এই ৰোড সমূহত থকা সকলো অফিচও বন্ধ কৰি আবাসী সকলকো ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈ অনুৰোধ জনাইছে কামৰূপ চেম্বাৰ অফ কমাৰ্চ। ফাঁচী বজাৰৰ এই ৰোড সমূহত বসবাস কৰা লোক সকলে নিজকে তিনি দিনৰ বাবে ঘৰৰ ভিতৰত কোৱাৰেইণ্টাইনত ৰাখি স্বাস্থ্যৰ যত্ন ল’বলৈও আহ্বান জনাইছে কামৰূপ চেম্বাৰ অফ কমাৰ্চ। কামৰূপ চেম্বাৰ অফ কমাৰ্চৰ সভাপতি এম পি জৈনে লগতে সম্পূৰ্ণ ফাঁচী বজাৰ অঞ্চল ছেনিটাইজ কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহত কৰ্মৰত কৰ্মচাৰী সকলক ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ মালিক সকলে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ কোনো কাৰণতেই আহিব নিদিয়াৰ লগতে কৰ্মচাৰী সকলক ঘৰতে থাকিবলৈ দিয়ে আৰু কৰ্মচাৰী সকলৰ স্বাস্থ্যৰ বুজ ল’বলৈও আহ্বান জনাইছে। ফাঁচী বজাৰৰ লোক সকল কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’লে সহায়ৰ বাবে আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈও পৰামৰ্শ প্ৰদান কৰিছে এম পি জৈন।

উল্লেখ্য যে, সোমবাৰে ফাঁচী বজাৰৰ ৰাজকমল হোটেলত মঙৰু সাহানি নামৰ এজন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰিছিল। বুধবাৰে পুনৰ মঙৰু সাহানিৰ সংস্পর্শলৈ অহা ১৫ গৰাকীকৈ লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰিছে। মঙৰু সাহানি চাংচাৰীত আলু গুদামত কৰ্মৰত আছিল আৰু কিছুমান পুর্বে জ্বৰত আক্ৰান্ত হোৱাত মঙৰু সাহানি ফাঁচী বজাৰত থাকিবলৈ ধৰিছিল। আক্রান্ত সকলোকে চিকিৎসাৰ প্ৰদানৰ বাবে।চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।