গুৱাহাটী, সংবাদ ৩৬৫, ১ মে’ : বনাঞ্চলৰ পৰা জনাঞ্চললৈ উলাই আহিছে হাতী । কিয়নো ক্ৰমান্বয়ে বনাঞ্চল ধব্বংশ হৈ আহিছে থাকিবলৈ ঠাই নোহোৱা হৈছে জীৱ-জন্তুৰ ।

যোৱাকালি গুৱাহাটীৰ মাজমজিয়াত বন্যহস্তী ওলাই আহি বিভিন্ন ঠাইত বিচৰন কৰি আছিল । ইয়াৰ পাছতে এইবাৰ মহানগৰীৰ গাতে লাগি থকা ৰাণীত উদ্ধাৰ হৈছে এটা আঘাতপ্ৰাপ্ত বন্যহস্তী । ৰাণীৰ ছাটাৰগাওঁ নামৰ ঠাইৰ এটি পিতনিত পৰি থকা অৱস্থাত হয় হাতীটো ।

স্থানীয়লোকে হাতীটো এনেদৰে প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়াত বন বিভাগৰ লোক উপস্থিত হয় । হাতীটোৰ ভৰিত আঘাত পোৱা বাবে হাতীটো এনেদৰে পিতনিত পৰি থকা বুলি জনায় বনবিভাগে । খাদ্যৰ সন্ধানত নিশা হাতীটো জনাঞ্চললৈ ওলাই আহি এন্ধাৰৰ বাবে হয়টো পিতনিত পৰি আঘাতপ্ৰাপ্ত হয় হাতীটো ।