গুৱাহাটী, সংবাদ ৩৬৫, ৬ এপ্ৰিল : নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে সজোৰে প্ৰতিবাদ কৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ আগশাৰীৰ নেতা হিৰণ্য পাঠৰীয়ে ভাৰতীয় জনতা পাৰ্টিত গেৰুৱা পোছাক পিন্ধি যোগদান কৰা কাৰ্যই সকলোকে আচম্বিত কৰিছে।

উল্লেখযোগ্য যে অনৈতিকভাৱে ধন সংগ্ৰহ, সংবিধান বিৰোধী, দলৰ আদৰ্শ তথা সংগঠন বিৰোধী কাম কাজত জড়িত থকাৰ অভিযোগত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় বিত্ত সম্পাদক হিৰণ্য পাঠৰীক যোৱা ২ এপ্ৰিলৰ দিনা সংগঠনৰ পৰা বহিস্কাৰ কৰা হৈছিল।

ইয়াৰ পাছতেই শনিবাৰে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। যোগদান কৰি পাঠৰীয়ে কয় কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অখিল গগৈৰ কিছু অপকৰ্ম দেখি অতিষ্ঠ হৈছিলোঁ।

আনহাতে অখিল গগৈয়ে তিনি কোটি টকা কংগ্ৰেছৰ পৰা লোৱা বুলি কৈ কয় যে অখিল গগৈয়ে কংগ্ৰেছক সমৰ্থন কৰি কংগ্ৰেছক জিকাই দিবৰ বাবে কংগ্ৰেছৰ পৰা তিনি কোটি টকা লৈছে। সংগঠনৰ ভিতৰত থাকি মই ইয়াৰ বিদ্ৰোহ কৰিছিলোঁ। অখিল গগৈক বাৰে বাৰে সকীয়নী দিছিলোঁ যে জাতিৰ শত্ৰু, অসমৰ শত্ৰু কংগ্ৰেছৰ লগত থাকিব নোৱাৰা।

ইফালে এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ মিত্ৰতাত অখিল গগৈয়ে আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছিল বুলি কোৱাৰ লগতে পাঠৰীয়ে আৰু কয় যে অখিল গগৈয়ে এই মিত্ৰতাত মধ্যস্থতাৰ ভূমিকা পালন কৰিছিল আৰু এ আই ইউ ডি এফক জিকাই দিবৰ বাবেও এক কোটি টকা লৈছিল।

যোগদান কাৰ্য্যসূচীত নিজৰ বক্তব্যত উদাত্ত কণ্ঠেৰে পাঠৰীয়ে অখিল গগৈ, কংগ্ৰেছ আৰু এ আই ইউ ডি এফক কটাক্ষ কৰি কয় যে এ আই ইউ ডি এফ জাতিৰ শত্ৰু। এ আই ইউ ডি এফে অসমক দ্বিতীয় কাশ্মীৰ কৰিব বিচাৰিছে। এই পাৰ্টিক অখিল গগৈয়ে সমৰ্থন কৰি অসমৰ আটাইতকৈ ডাঙৰ জাতিৰ শত্ৰুত পৰিণত হৈছে। কংগ্ৰেছ, এ আই ইউ ডি এফ যেনেকৈ অসমৰ শত্ৰু বৰ্তমান অখিল গগৈও অসমৰ প্ৰধান শত্ৰু।

অসমৰ উন্নতিৰ কাৰণে, অসমৰ প্ৰগতিৰ কাৰণে অসমত, ভাৰতত বিজেপি চৰকাৰ শক্তিশালী হোৱাৰ প্ৰয়োজন। কেন্দ্ৰত পুনৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰয়োজন। আমাক শান্তি আৰু প্ৰগতি লাগে। অসমৰ উন্নতিৰ কাৰণে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে যিমান বিলাক কাম কৰিছে কোনো এখন চৰকাৰেই এনেদৰে বলিষ্ঠ পদক্ষেপেৰে অসমৰ উন্নয়নৰ কাৰণে কাম কৰা নাছিল।যদি কেন্দ্ৰত বিজেপি চৰকাৰ নহয় অসম পুনৰ ৫০ বছৰ পিছুৱাই যাব।

কিছুদিন আগলৈকে বিজেপি চৰকাৰৰ অন্যায়, প্ৰতাৰণাৰ বিৰুদ্ধে ৰাজপথ উত্তাল কৰি থকা এইসকল নেতাৰ এই ধৰণৰ পদক্ষেপে প্ৰমাণ কৰিলে যে ৰাজনীতিত সম্ভৱ নোহোৱা একো কাম নাই। সকলো সম্ভৱ এই ৰাজনীতিত।