কলগাছিয়া, সংবাদ ৩৬৫, ৬ এপ্ৰিল : বৰপেটা লোকসভাৰ অন্তৰ্গত জনীয়া সমষ্টিৰ বামুণটাৰী বি এড কলেজ চৌহদত শনিবাৰে অনুষ্ঠিত হয় কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ এখন নিৰ্বাচনী সভা। এই সভাত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই প্ৰধান্য পায় জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰসংগ।

বৰপেটা লোকসভাৰ পৰা আব্দুল খালেক জয়ী হলে খালেকৰ পৰিয়ালৰ পৰাই জনীয়াৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব বুলি প্ৰচাৰ চলি থকাৰ সময়তে তেওঁৰ পৰিয়ালৰ পৰা উপ-নৰ্বাচনৰ বাবে প্ৰাৰ্থী নহয় বুলি আজি বৰপেটাৰ প্ৰাৰ্থী আব্দুল খালেকে স্পষ্ট ভাবে ঘোষণা কৰে।

ইফালে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে কয় যে, অভিমুন্য আৰু কাৰবালাৰ হুছেইনক যিদৰে শত্ৰুপক্ষই চক্ৰবেহুত পেলাই ঘেৰি ধৰিছিল ঠিক তেনেদৰে এ আই ইউ ডি এফৰ নেতা-কৰ্মীয়ে বিভিন্ন অপপ্ৰচাৰেৰে খালেকক ঘেৰি ধৰিছে । লগতে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে তেওঁক ব্লেক মেইলিং কৰি থকা বুলিও উল্লেখ কৰে।

এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড০ হাফিজ ৰফিকুল ইছলামে মিছা কথাৰ আশ্ৰয় লোৱাৰ বাবেই বিধান সভা নির্বাচনত ৩০ হেজাৰ ভোটত পৰাজয় হৈছে আৰু যিমান মিছা কথা ক’ব সিমান ভোট কম পাব বুলি মন্তব্য কৰাৰ উপৰিও মন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমল অসমৰ সমাজ জীৱনৰ বাবে ভয়ংকৰ বুলিও উল্লেখ কৰে। এই সভাত জনতা গাঁও পঞ্চায়তৰ এ আই ইউ ডি এফৰ দলীয় সভাপতি আৰু সম্পাদকে কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।