গুৱাহাটী, সংবাদ ৩৬৫, ৬ এপ্ৰিল : কিছুদিন আগতে আগন্তুক লোকসভা নিৰ্বাচনক লৈ নিৰ্বাচন আয়োগে বিশেষ নিৰ্দেশনা জাৰি কৰিছিল। নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে কোনো ৰাজনৈতিক দলে নিৰ্বাচনত কলা ধন বা নিৰ্বাচন আয়োগে নিৰ্ধাৰিত কৰা ধনৰ পৰিমাণ সীমাতকৈ বেছি নিৰ্বাচনৰ সময়ত বেছি ব্যৱহাৰ যাতে কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে আয়কৰ বিভাগৰ ভাৰতীয় সংবিধানৰ আৰ্টিকেল ৩২৪ ৰ নিৰ্দেশনা জাৰি কৰিছিল যাতে কলা ধন প্ৰয়োগ কৰিব নোৱাৰে ।

এই আচৰণ বিধি বলবৎ হৈ থকাৰ সময়তে শুকুৰবাৰে নিশা মহানগৰীৰ নেহেৰু ষ্টেডিয়ামৰ সমীপত ১ লাখ ৮০ হাজাৰ এশ টকাৰ জালনোট জব্দ কৰে তিনিজন যুৱকৰ পৰা ।

আৰক্ষীৰ তালাচীত উদ্ধাৰ হয় জালনোটখিনি । ধৃতযুৱক তিনিজন ক্ৰমে মতলেব আলী,দিলৱাৰ হুছেইন,আমিৰ হামজা। পল্টনবজাৰ আৰক্ষীয়ে বিশেষ সুত্ৰৰ পম খেদি চলোৱা এক অভিযানত গ্ৰেপ্তাৰ হয় যুৱক তিনিজন। সম্প্ৰতি আৰক্ষীয়ে এই সম্পৰ্কত এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে।