গোলাঘাট 

২ মে’

অজন্তা নেওগ পুনৰ বিজয় হ’ল গোলাঘাটৰ পৰা। নিজৰ দুৰ্গ ৰক্ষা কৰিবলৈ সক্ষম হ’ল অজন্তা নেওগ। কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যোৱা অজন্তা নেওগক নিৰাশ নকৰিলে সমষ্টিবাসী ৰাইজ। কংগ্ৰেছৰ প্ৰাৰ্থী বিতোপন শইকীয়াই কিছু সমস্যাত পেলাইছিল যদিও শেষ হাঁহি মাৰিলে অজন্তা নেওগে।

দেওবাৰে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হয়। ইতিমধ্যে ভোট গণনা অব্যাহত থকাৰ মাজতে কেইগৰাকীমান প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। বৰ্তমানলৈকে বিজয় সাব্যস্ত কৰা প্ৰাৰ্থী সকলৰ মাজৰ অন্যতম হৈছে গোলাঘাট সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অজন্তা নেওগ।

অসম বিধানসভা নিৰ্বাচনৰ কিছুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি বিজেপিৰ গেৰুৱা টুপী পৰিধান কৰি ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশত ধুমুহাৰ সৃষ্টি কৰিছিল অজন্তা নেওগ। গোলাঘাট সমষ্টিত পৰা কংগ্ৰেছৰ দলৰ হৈ চাৰিবাৰকৈ বিধায়িকা হিচাপে নিৰ্বাচিত হোৱা অজন্তা নেওগক বিজেপি দলে সমষ্টিটোৰ পৰা পঞ্চমবাৰৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰে।

অৱশেষত নিৰ্বাচনৰ ফলাফলৰ দিনা বিজেপি দলক নিৰাশ নকৰিলে অজন্তা নেওগে। পঞ্চমবাৰৰ বাবেও গোলাঘাটৰ পৰা নিৰ্বাচিত হ’ল অজন্তা নেওগ। কংগ্ৰেছৰ প্ৰাৰ্থী বিতোপন শইকীয়াক পৰাস্ত কৰি শেষ হাঁহি মাৰিলে অজন্তা নেওগ। ভোট গণনা চলি থকাৰ মাজতে বিতোপন শইকীয়াই মাজে মাজে অজন্তা নেওগক বিপদত পেলাই আগুৱাই আহিছিল যদিও বিজয় সাব্যস্ত কৰাৰ পৰা অজন্তা নেওগক ৰখাব নোৱাৰিলে।

গোলাঘাটত কংগ্ৰেছৰ আৰু বিজেপিৰ প্ৰাৰ্থী দুগৰাকীৰ মাজত তুমূল যুঁজ হৈছিল যদিও প্ৰায় ৯০৩৬ টা ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী অজন্তা নেওগ বিজয় হোৱা বুলি জানিব পৰা গৈছে। অজন্তা নেওগে মুঠ ৮১,৫৬৫ টা ভোট লাভ কৰাৰ পৰিবৰ্তে কংগ্ৰেছ প্ৰাৰ্থী বিতোপন শইকীয়াই লাভ কৰে ৭২,৫২৯ টা ভোট।