ফাজলুৰ ৰহমান

বকো

২ মে’

বকো সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসৰ বৃহৎ জয় লাভ৷ বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰিলে কংগ্ৰেছৰ মহিলা প্ৰাৰ্থী নন্দিতা দাসে৷ ৪৮ নং বকো বিধানসভা সমষ্টিৰ কংগ্ৰেছ, অগপ আৰু তৃণমূল কংগ্ৰেছৰ মাজত হোৱা প্ৰতিদ্বন্দিতাত শেষ হাঁহি মাৰিলে কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে।

কংগ্ৰেছ মহিলা প্ৰাৰ্থী নন্দিতা দাসে মুঠ ১২০৫০৫ টা ভোট লাভ কৰি জয়লাভ সাব্যস্ত কৰে। কংগ্ৰেছৰ মহিলা প্ৰাৰ্থী গৰাকীৰ বিপৰীতে অগপৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসে ৬৭৯৮৫ টা ভোট আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে ১২৭৫৫ ভোট লাভ কৰে। ইফালে বকো সমষ্টিৰ সংলগ্ন ছয়গাঁও সমষ্টিতো কংগ্ৰেছৰ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ বৃহৎ জয়লাভ সাব্যস্ত কৰিবলৈ সক্ষম হয়।

অগপ প্ৰাৰ্থী কমলা কলিতাৰ সৈতে প্ৰতিদ্বন্দিতা কৰি ৰেকিবুদ্দিন আহমেদে ৯৪৫৯৩ টা ভোট লাভ কৰি বিজয়ী হোৱাৰ পৰিবৰ্তে কমলা কলিতাযই লাভ কৰে ৬৫৯২২ টা ভোট। সমষ্টি দুটা কংগ্ৰেছ দলে পুনৰ দখল কৰিবলৈ সক্ষম হোৱাত কংগ্ৰেছ কর্মী সকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে।