মানকাচৰ 

২ মে’

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত শান্তিপূৰ্ণভাৱে অব্যাহত আছে ভোট গণনা। জিলাখনৰ দুই সমষ্টিত মহাজোঁটৰ দুই প্ৰাৰ্থীৰ জয় প্ৰায় নিশ্চিত। পুৱা ৮ বজাৰ পৰা সমষ্টি দুটাত ভোট গণনা আৰম্ভ হয়।

দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত দেওবাৰে পুৱাৰে পৰা দক্ষিণ শালমাৰা আৰু মানকাচৰ সমষ্টিৰ ভোট গণনা শান্তিপূৰ্ণভাৱে অব্যাহত থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে দিনৰ প্ৰায় ২ বজালৈ দুয়োখন সমষ্টিৰ ১৩ টাকৈ ৰাউণ্ডৰ ভোট গণনা সমাপ্ত হৈছে। মানকাচৰ সমষ্টিত মহাজোঁটৰ সমৰ্থিত তথা এআইইউডিএফৰ প্ৰাৰ্থী আমিনুল ইছলাম ৭৮২৬৬ টা ভোট লাভ কৰাৰ লগতে মিত্ৰজোঁটৰ সমৰ্থিত তথা অগপ দলৰ প্ৰাৰ্থী জাবেদ ইছলাম ৩৬৪৩৬ টা ভোট লাভ কৰিছে। আমিনুল ইছলামে জাবেদ ইছলামতকৈ ৪১৮১৮ টা ভোটত আগবাঢ়ি আছে। মানকাচৰ সমষ্টিত মুঠ ২৪ টা ৰাউণ্ডত ভোট গণনা হ’ব। এতিয়াও মানকাচৰ সমষ্টিত ১১ টা ৰাউণ্ডৰ ভোট গণনা বাকী আছে। আনহাতে দক্ষিণ শালমাৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ওৱাজেদ আলী চৌধুৰী ১৬ ৰাউণ্ডৰ অন্তত ১১৭৮৮৮ ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দী নিৰ্দলীয় প্ৰাৰ্থী নুৰুল ইছলাম মোল্লা ৮৪২২ টা ভোট লাভ কৰি ১০৯৪৬৬ টা ভোটৰ ব্যৱধানত পিছ পৰি আছে। দক্ষিণ শালমাৰা সমষ্টিত এতিয়াও ৪ টা ৰাউণ্ডৰ ভোট গণনা বাকী আছে। দক্ষিণ শালমাৰা সমষ্টিত কংগ্ৰেছী প্ৰাৰ্থী বিধায়ক ওৱাজেদ আলীৰ জয় ইতিমধ্যে নিশ্চিত হৈছে।

মন কৰিবলগীয়া যে জিলাখনত পুৱা ৮ বজাৰ পৰা কভিড প্ৰ’টকল মানি শান্তিপূৰ্ণভাৱে ভোট গণনা আৰম্ভ হৈছে। নিশা ৭ বজাৰ ভিতৰত দুয়োখন সমষ্টিৰ ভোটগণনা সম্পন্ন হ’ব বুলি ধাৰনা কৰা হৈছে। জিলাখনৰ দুয়োখন সমষ্টি মহাজোঁটৰ দখলত যোৱাটো প্ৰায় নিশ্চিব বুলি কব পাৰি।