গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মাৰ্চ : ফেশ্যন উদ্যোগত মডেলসকলৰ ব্যৱহাৰিক দিশ, সৌন্দৰ্য তথা সৌন্দৰ্য্যবোধৰ উৎকৰ্ষ সাধনৰ বাবে গুৱাহাটীৰ জনপ্ৰিয় দক্ষতা বিকাশ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা অজিতাক্স ভেঞ্চাৰছ প্ৰাইভেট লিমিটেড,২০১০ মিছ ইউনিভাৰ্চ ইণ্ডিয়া খিতাপ বিজেতা উশ্বশী সেনগুপ্তাৰ দ্বাৰা আয়োজন হৈছিল তিনিদিনীয়া কৰ্মশালা।

২৫ মাৰ্চ ২০১৯ তাৰিখে আয়োজন কৰা অডিছন গুৱাহাটী, তেজপুৰ,শিলচৰ,তিনিচুকীয়া আদি বহুকেইখন ঠাইৰ পৰা অহা প্ৰতিযোগীসকলৰ ভিতৰত দহগৰাকী সৌভাগ্যশালী প্ৰতিযোগীক উক্ত কর্মশালাৰ বাবে নিৰ্বাচিত কৰা হৈছিল। এই কৰ্মশালাটোত আত্ম-বিশ্বাস বৃদ্ধি, কঠন কৌশল,ৰেম্প উৱাক,সামাজিক শিষ্টচাৰ আদিৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছিল। ক্ৰিষ্টিনা জোচেফৰ মেকআপ আৰু গ্ৰমিং চেছনৰ লগতে ৰাহুল বিশ্বাসৰ ফটোগ্ৰাফী অন্তিম দিনৰ কাৰ্যসূচী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।

উক্ত কৰ্মশালাৰ বিষয়ে উশ্বশী সেনগুপ্তায়ে কয় যে ব্যক্তিত্ব বিকাশ আৰু গঠন, এজন মানুহৰ সৌন্দৰ্যবোধৰ উৎকৰ্ষ সাধন কৰাটো কিমান প্ৰয়োজনীয় সেই কথা মই ব্যক্তিগত অভিজ্ঞতাৰ পৰা অনুধাৱন কৰিব পাৰিছোঁ যিটো মই ফেশ্যন জগতৰ প্ৰতি আগ্ৰহী যুৱ প্ৰজন্মৰ লগত বিনিময় কৰিব বিচাৰো আৰু এইটোৱেই হৈছে উক্ত কৰ্মশালাৰ অন্যতম উদ্দেশ্য। এই কৰ্মশালাই উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক ফেশ্যন উদ্যোগত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰিবলৈ কিছু পৰিমাণে সহায়কাৰী হোৱা বুলি মই আশাবাদী।