ডিব্ৰুগড় , সংবাদ ৩৬৫, ২৮ মাৰ্চ : নিজৰ জাতিটোৰ কথা, অসমখনৰ কথা ভাবি এটা সময়ত সশস্ত্ৰ সংগ্ৰামত যুঁজ দিয়া সংগঠনৰ কিছু সদস্যৰ অৱস্থা অতি দুখলগাৰ বিপৰীতে কিছু সদস্যই অস্ত্ৰ এৰি হৈছে বিলাসী জীৱনৰ গৰাকী ।

অসমৰ স্বাধীনতাৰ, জাতিৰ মুক্তিৰ কথা ভাবি সশস্ত্ৰ সংগঠনত ১৯৭৯ চনতে যোগ দিয়া ডিব্ৰুগড়ৰ বিলু শইকীয়া ওৰফে কুম্ভেশ্বৰ হাজৰিকাৰ অৱস্থা বৰ্তমান অতি দুখজনক । উল্লেখ্য যে আলফাৰ সেনানী হিচাপে ম্যানমাৰত অস্ত্ৰ প্ৰশিক্ষন লৈ ১৯৯২ চনলৈ সংগঠনত জড়িত থকা বিলু শইকীয়া ১৯৯২ চনত ভাৰতীয় সেনাৰ হাতত ধৰা পৰাৰ পাচত তেওঁৰ ওপৰত সেনা শিবিৰত চলে অমানুষিক নিৰ্যাতন।

পাচত বন্দীত্ব জীৱনৰ পৰা মুকলি হয় যদিও শইকীয়াৰ শৰীৰ একেবাৰেই ভাঙি পৰে। আনহাতে, মগজুত সেনাই দিয়া বৈদ্যুতিক শ্বকৰ ফলত বিকল হয় মগজু। এইদৰে ক্ৰমাৎ মানসিক ৰোগীলৈ পৰিবৰ্তন হয় বিলু শইকীয়া নামৰ একালৰ আলফাৰ সেনানীজন। ইফালে পৰৱৰ্তী সময়ত আলফাৰ বহু নেতাই অস্ত্ৰবিৰতি লৈ বিলাসী জীৱনৰ গৰাকী হল যদিও বিলু শইকীয়াৰ যেন খবৰ লবলৈ কাৰো আহৰি নাই ।

প্ৰশ্ন হয় পৰিবনে এইজন সংগ্ৰামী সেনাৰ দুৰৱস্থা তেওঁলোকৰ একালৰ সতীৰ্থৰ হাতত। নে এনেকৈয়ে বিলু শইকীয়া ওৰফে কুম্ভেশ্বৰ হাজৰিকাৰ জীৱন অতিবাহিত হ’ব ।