কামৰূপ, সংবাদ ৩৬৫, ২৮ মাৰ্চ : কিমান নৃসংশ হ’ব পাৰে মানুহ । মৰেল পুলিচগিৰি হাতত তুলি লৈ পুনৰ ৰাজ্যত সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ড । হানি খুচি বৰ্বৰভাৱে হত্যা কৰা হ’ল এজন যুৱকক । যুৱকজনৰ বিৰুদ্ধে অভিযোগ ছাগলী চুৰিৰ ।

উক্ত বৰ্বৰ ঘটনা সংঘটিত হ’ল বুধবাৰে নিশা দক্ষিণ কামৰূপৰ বৰতেজপুৰত । পলাশবাৰীৰ বৰতেজপুৰৰ মধুপুৰ গাঁৱৰ এটা কণমানি সন্তানৰ পিতৃ ৰঞ্জিত দাসক বালিমহলৰ কাষত বুধবাৰৰ নিশা এদল উন্মাদ লোকে বান্ধি লৈ বোকাত পেলাই লৈ হানি খুচি নৃশংসভাৱে অত্যাচাৰ কৰি মুমুৰ্ষ অৱস্থাত পেলাই থৈ যায় ।

পিছত বিজয়নগৰ আৰক্ষী উপস্থিত হৈ চিকিৎসাৰ ব্যৱস্থা কৰে যদিও গুৱাহাটীত নিশাই চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে যুৱকজনে ।

প্ৰশ্ন হয় ছাগলী চুৰিৰ অভিযোগ সঁচা বা মিছা যিয়েই নহওক কিয় এনেদৰে আইন হাতত তুলি লৈ এজন যুৱকক এইদৰে বৰ্বৰভাৱে হত্যা কৰা ঘটনা কিমান দূৰ গ্ৰহণযোগ্য । চুবুৰীয়া গাঁৱৰ যুৱকজনক নিষ্ঠুৰভাৱে কিয় হত্যা কৰা হ’ল। এই অমানৱীয় ঘটনাই জোকাৰণি তুলিছে সমগ্ৰ দক্ষিণ কামৰূপত।