আজিজ আলী

নলবাৰী

৫ নৱেম্বৰ

নলবাৰী জিলাত সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিদেশ মৰ্মে নলবাৰী জিলা আমছুৰ উদ্যগত অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। নলবাৰীত দুই ঘন্টাৰ অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰি অতি শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী আমছুৰ।

সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰী জিলাতো অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন চমুকৈ আমছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নলবাৰী জিলা উপায়ুক্ত কাৰ্যায়লয়ৰ সন্মুখত আমছুৰ কৰ্মকর্তা সকলে প্ৰতিবাদ সাব্যস্ত কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে।প্ৰতিবাদীকাৰী সকলে অসম চৰকাৰ হায়, হয়, যোগান মন্ত্ৰী ফণী ভূষন চৌধুৰী মূর্দাবাদ, যোগান মন্ত্ৰী পদত্যাগ কৰক আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ কেন্ত্ৰীয় কমিতিৰ সাধাৰণ সম্পাদিকা হাচিনা আহমেদে অংশগ্ৰহণ কৰি মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰখন ব্যৰ্থ হোৱা বুলি মন্তব্য কৰি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। আমছুৰ কেন্ত্ৰীয় কমিতিৰ সাধাৰণ সম্পাদিকা যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীক এগৰাকী ব্যৰ্থ মন্ত্ৰী ৰূপে আখ্যা দি যোগান মন্ত্ৰীৰ পদত্যাগৰ দাবী জনায়।