গোৱালপাৰা
৫ নৱেম্বৰ

গোৱালপাৰা জিলাৰ ৰাক্ষসিনীত অসম গণ পৰিষদ দলৰ ধৰ্মীয় সংখ্যালঘূ সন্মিলনৰ ফ্লপ শ্ব। তিনি গৰাকীকৈ মন্ত্ৰী অহাৰ টোপ দিয়াৰ পিছতো সভাত ৰাইজৰ উপস্থিতি সেৰেঙা। অগপ দলৰ প্ৰতি মোহভংগ জনতাৰ বহিঃপ্ৰকাশ বুলি চৰ্চা।

দুবাৰকৈ ৰাজ্যত গাদী দখল কৰিবলৈ সক্ষম হোৱা এসময়ৰ প্ৰতাপী অসম গণ পৰিষদ দল আজি যেন জনতাৰ পৰা এলাগী হোৱাৰ পথত। অসম বিধান সভাৰ তিনিগৰাকীকৈ মন্ত্ৰী অহাৰ খবৰ প্ৰচাৰ কৰিও অসম গণ পৰিষদৰ সভালৈ ওলাই নাহিল জনতা, এক প্ৰকাৰ ফ্লপ শ্ব’ত পৰিণত গোৱালপাৰা জিলাৰ ৰাক্ষসিনীত অনুষ্ঠিত হোৱা অগপ দলৰ ধৰ্মীয় সংখ্যালঘূ লোক সকলৰ সন্মিলন। অসম গণ পৰিষদ দল বিজেপি দলৰ মিত্ৰতাৰ থকাৰ পিছতো গোৱালপাৰা চহৰৰ কাষতে ৰাক্ষসিনীত অনুষ্ঠিত হোৱা সন্মিলনত বহিঃজিলাৰ পৰা মানুহ আনিও এহাজাৰ মানুহ গোটাব নোৱাৰাকলৈ বিভিন্ন প্ৰশ্ন উথাপিত হৈছে। ইফালে অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ গোৱালপাৰা জিলা আমছুৱে যোগান মন্ত্ৰী ফনী ভূষণ হায়, হায়, অগপ-বিজেপি হায়, হায় ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এফালে আমছুৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ আনফালে আকৌ যোগান মন্ত্ৰী ফনী ভূষণ চৌধুৰীৰ সেই ৰাস্তাৰেই ধৰ্মীয় সংখ্যালঘূ সন্মিলনলৈ আগমন ঘটে।

আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰণডংকা বজাবলৈ আহি গোৱালপাৰাত অসম গণ পৰিষদ দলৰ ফ্লোপ শ্ব আৰম্ভ হোৱা বুলি ৰাইজৰ মাজত চৰ্চা আৰম্ভ হৈছে। বৃহস্পতিবাৰে ধৰ্মীয় সভাত ভূপেন ৰায়ে উদ্ধোধনী ভাষণত এফালৰ পৰা বিজেপি চৰকাৰৰ গুণ গৰিমা বৰ্ণনা কৰি গলেও ৰাইজৰ হাত চাপৰি পাবলৈহে সক্ষম নহ’ল।