মুস্তাক আহমেদ

জুৰীয়া

৫ নৱেম্বৰ

বুঢ়াচাপৰি বন বিভাগৰ অভিযানত তিনি চোৰাং চিকাৰী আটক। জুৰীয়াৰ বালুচৰ চৰ বজাৰত বন বিভাগে অভিযান চলাই আটক কৰে চোৰাং চিকাৰী তিনি জনক। লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বনৰীয়া মহ হত্যাৰ লগত জড়িত আছিল তিনিওজন চোৰাং চিকাৰী।

বন বিভাগৰ প্ৰায় আঢৈ মাহ জোৰা অভিযানৰ অন্তত জালত পৰিল লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বনৰীয়া মহ হত্যাৰ লগত জড়িত তিনি চোৰাং চিকাৰী। নগাঁও জিলাৰ জুৰীয়াৰ বালুচৰ বজাৰত বন বিভাগে অভিযান চলাই বনৰীয়া মহ হত্যাৰ লগত জড়িত তিনি চোৰাং চিকাৰী ক্ৰমে সমৰ আলী, আব্দুল বাৰেক আৰু মুকছেদুল হকক আটক কৰিবলৈ সক্ষম হয়। ধৃত চোৰাং চিকাৰী তিনিজনে যোৱা আগষ্ট মাহৰ ১১ তাৰিখে লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ শিয়ালি চৰত বনৰীয়া মহ হত্যাৰ লগত জড়িত আছিল। বনৰীয়া মহ হত্যাৰ পিছৰে পৰা চোৰাং চিকাৰী তিনিজন প্ৰায় আঢৈ মাহ ধৰি পলাতক অৱস্থাত আছিল। বুধবাৰে এক গোপন খবৰৰ ভিত্তিত লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ অন্তৰ্গত লাঠিমাৰি বনশিবিৰৰ বনবিষয়া শ্বৰিফুল ইছলামৰ নেতৃত্বত বন বিভাগৰ এটা দলে অভিযান চলাই চোৰাং চিকাৰী তিনিজনক আটক কৰাৰ। সম্প্ৰতি বন বিভাগে বনৰীয়া মহ হত্যাৰ লগত জড়িত চোৰাং চিকাৰী তিনিজনক জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বিগত কিছু সময় ধৰি একাংশ চোৰাং চিকাৰীয়ে লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত বনৰীয়া, মহ, বনৰীয়া গাহৰিকে ধৰি হৰিণা হত্যা কৰি চোৰাংভাৱে মাংস বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে। বিভিন্ন সময়ত বন বিভাগে চোৰাং চিকাৰী বিৰোধী অভিযান চলাই কেইবাজানো চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। বনৰীয়া মহ হত্যাৰ লগত যদিৰ তিনি পলাতক চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হোৱাতো বন বিভাগৰ বৃহৎ সাফল্য বুলি পৰিগণিত হৈছে।