চিৰাং

৫ নৱেম্বৰ

অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল‍্যবৃদ্ধিৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ। আমছুয়ে বৃহস্পতিবাৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

বঙাইগাঁও জিলা সদৰৰ গান্ধী ময়দান আৰু চিৰাং জিলা সদৰ কাজলগাঁৱত আমছুয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি জিলা উপায়ুক্তৰ জড়িয়তে মুখ‍্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান কৰে আমছুৰ প্ৰতিখন জিলা সমিতিয়ে। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কয় যে চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল‍্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব‍্যাৰ্থ হৈছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব‍্যাৰ্থ হোৱা যোগান মন্ত্ৰী ফণী ভূষন চৌধুৰীৰ পদত‍্যাগৰ দাবীও কৰে আমছুয়ে। যোগান বিভাগ মুখ‍্যমন্ত্ৰীয়ে প্ৰত‍্যক্ষভাৱে চম্ভালি সকলো ধৰণৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল‍্য নিয়ন্ত্ৰণ কৰি সৰ্বসাধাৰণক সকাহ দিয়াৰ বাবে দাবী উত্থাপন কৰে আমছুৰ সভাপতি গৰাকীয়ে।

বঙাইগাঁও জিলা সদৰৰ গান্ধী ময়দানত জিলা আমছুৰ সভাপতি হজৰত আলীৰ নেতৃত্বত পায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি উত্তাল কৰি তোলে বঙাইগাঁও চহৰ। একে দৰে চিৰাং জিলা সদৰ কাজলগাঁৱত জিলা সভাপতি গুলজাৰ হুচেইন পৰামানিকৰ নেতৃত্বত দেৰ শতাধিক আমছু কৰ্মীয়ে প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে।