ফজলুৰ ৰহমান
সোণতলী
৫ নৱেম্বৰ

বানপানী আৰু খহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত কৃষকসকলক সাময়িক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰৰ কৃষি বিভাগে গ্ৰহন কৰিছে বিভিন্ন আঁচনি৷ বিশেষকৈ বিগত বছৰত কেবাটাও বানে ৰাজহাড় ভাঙি পেলোৱা ৰাজ্যৰ চৰাঞ্চলৰ কৃষকসকলৰ ৰবিশস্যৰ বাবে কৃষি বিভাগে লৈছে এক অভিলাষী পদক্ষেপ৷ চৰকাৰৰ প্ৰাকৃতিক দূৰ্যোগ প্ৰাধিকৰণ বিভাগে বানপানী আৰু খহনীয়াত বিধস্ত হোৱা চৰাঞ্চলৰ কৃষক ৰাইজৰ কৃষি উন্নয়ন আৰু আৰ্থিক স্বাৱলম্বিতাৰ বাবে ৰাজ্যৰ কৃষি বিভাগৰ জৰিয়তে গ্ৰহণ কৰিছে চৰাঞ্চলৰ বিস্তৃত অঞ্চল বদাম খেতিৰ জৰিয়তে সেউজ কৰি তোলাৰ লক্ষ্য।

চৰকাৰৰ এই লক্ষ্যক বাস্তৱ ৰূপত ৰূপায়ন কৰাৰ উদ্দেশ্যে কামৰূপ জিলাৰ বকো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত সোণতলী কৃষি চক্ৰৰ এলেকাধীন চৰাঞ্চলৰ কৃষকৰ মাজত প্ৰথম পৰ্যায়ত বিতৰণ কৰা হয় উন্নত প্ৰজাতিৰ বাদামৰ বীজ৷ সোণতলী মৌজাৰ অধীনস্থ পানীখাইতীস্থিত ব্ৰক্ষ্মপুত্ৰ নদীৰ পাৰত আনুষ্ঠানিকভাৱে এই বীজ বিতৰণৰ কাৰ্যসূচী ৰূপায়ন কৰা হয়৷ পানীখাইতীৰ উপৰি লটৰীয়াডিয়া এন চি, চাউৰডিয়া আৰু জ্যোতিয়াডিয়া চৰৰ বানপানী আৰু খহনীয়াত বিধস্ত হোৱা দুই শতাধিক নৈপৰিয়া কৃষকৰ মাজত প্ৰথম পৰ্যায়ত বিঘাই প্ৰতি ১৬ কেজিকৈ বাদামৰ বীজ বিতৰণ কৰে কৃষি বিভাগে৷ অনুষ্ঠানটোত স্থানীয় বিধায়িকা নন্দিতা দাসৰ প্ৰতিনিধি যুৱ সমাজকৰ্মী ধনেশ্বৰ বায়নে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি চৰকাৰী বীজ বিতৰণী কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ বীজ বিতৰণী অনুষ্ঠানটোত সোণতলী কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া শৈলেন শইকীয়া, সহকাৰী কৃষি উপ পৰিদৰ্শক জয়নাল আব্দিন, ছমৰীয়া ৰাজহ চক্ৰ বিষয়াৰ প্ৰতিনিধি হিচাপে লাট মণ্ডল জীৱেশ শৰ্মা প্ৰমূখ্যে কেবাজনো বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানটোত কৃষি উন্নয়ন বিষয়া শৈলেন শইকীয়াই বাদাম খেতিৰ ওপৰত কৃষক ৰাইজক বিভিন্ন পৰামৰ্শ প্ৰধান কৰে। কৃষি বিভাগৰ জৰিয়তে বিভিন্ন শস্যৰ খেতিৰ বাবে চৰকাৰে আগবঢ়াই অহা সা-সুবিধা গ্ৰহন কৰি স্বাৱলম্বিতা অৰ্জনৰ বাবেও কৃষক সকলক আহ্বান জনায় কৃষি উন্নয়ন বিষয়া শৈলেন শইকীয়াই।