গুৱাহাটী, ১৪ অক্টোবৰঃ কামৰূপ মহানগৰ জিলাৰ অধীনস্থ চাৰিটা বিধানসভা সমষ্টিত নতুনকৈ ভোটাৰ তালিকাত নাম অন্তর্ভুক্তি কৰণৰ বাবে অহা ১৬ অক্টোবৰৰ পৰা ১৫ নবেম্বৰলৈ এমাহৰ সময় নিৰ্দ্ধাৰণ কৰা হৈছে। নতুন ভোটাৰ সকলে অনলাইন যোগে ভোটাৰ তালিকাত নাম অন্তর্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব। এই ক্ষেত্ৰত পৰ্টেলটাে হৈছে nvsp.in । নাগৰিকে ভোটাৰ তালিকাত নাম অন্তর্ভুক্তি অথবা বিলুপ্তিৰ বাবে প্রয়োজনীয় লিংকত গৈ ফটােকে ধৰি বয়সৰ প্ৰমাণপত্ৰ আৰু ঠিকনাৰ প্ৰমাণপত্র আপলোড কৰি আবেদন দাখিল কৰিব পাৰিব। প্ৰতিটো পৰ্যায়তে আবেদন কাৰীয়ে অগ্ৰগতি সন্দৰ্ভত ম’বাইল ফোনত বার্তা লাভ কৰিব। এই নতুন ব্যৱস্থাই ৰাজ্যৰ বাহিৰত থকা নতুন ভোটাৰ সকলক বিশেষ ভাৱে সহায় কৰিব। পহিলা জানুৱাৰী ২০১৮ত ১৮ বছৰ সম্পূর্ণ হ’ব লগা সকলেও অনলাইন যোগে নাম অন্তর্ভুক্তিৰ আবেদন কৰিব পাৰিব। ইয়াৰ পিছতেই খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব আৰু পৰবৰ্ত্তী পর্যােয়ত আসোঁৱাহ সমূহ দূৰ কৰা হ’ব। গুৱাহাটী আৱৰ্ত্ত ভৱনত গুৱাহাটীৰ নির্বাচনী বিষয়া ৰাহুল দাসে সদৰি কৰা মতে কামৰূপ মহানগৰ জিলাৰ চাৰিটা বিধান সভা সমষ্টি ক্রমে ৫১ নং জালুকবাৰী, ৫২ নং দিছপুৰ, ৫৩ নং পূব গুৱাহাটী আৰু ৫৪ নং পশ্চিম গুৱাহাটীত কেবাটাও নতুন ভোটগ্ৰহণ কেন্দ্র গঠন কৰা হৈছে আৰু কেবাটাও ভোটগ্ৰহণ কেন্দ্র স্থানান্তৰিত কৰা হৈছে। জালুকবাৰী বিধান সভা সমষ্টিত ২১ টা নতুন ভোটগ্ৰহণ কেন্দ্ৰৰ সৈতে মুঠ কেন্দ্ৰ হৈছে ২৩৩ টা, ইয়াৰ ৪ টা কেন্দ্র স্থানান্তৰিত কৰা হৈছে। দিছপুৰত নতুন ১৮ টা ভোটগ্ৰহণ কেন্দ্ৰৰ সৈতে মুঠ কেন্দ্ৰ হৈছেগৈ ৩৯৪ টা, সমষ্টিটোত ৯টা কেন্দ্ৰ স্থানান্তৰ কৰা হৈছে। পূব গুৱাহাটীত নতুনকৈ গঠন কৰা তিনিটা ভোটকেন্দ্ৰকে ধৰি মুঠ ভোট কেন্দ্ৰ হৈছেগৈ ২৪৩ টা৷ ইয়াত সাতটা ভোট কেন্দ্ৰ স্থানান্তৰ কৰা হৈছে। পশ্চিম গুৱাহাটী সমষ্টিত নতুনকৈ সৃষ্টিকৰা ১৫ টা ভোটগ্ৰহণ কেন্দ্ৰৰ সৈতে মুঠ কেন্দ্ৰ হৈছেগৈ তিনিশটা। সমষ্টিটোত ১১ টা ভোটকেন্দ্র স্থানান্তৰ কৰা হৈছে। একেদৰে বিধান সভা ভিত্তিক খচৰা ভোটাৰ তালিকা, ২০১৮ অনুসৰি ভোটাৰৰ সংখ্যা ক্ৰমে, জালুকবাৰী-১,৮৬,১৮৩ গৰাকী, দিশপুৰত- ৩,৬২,৫৮৯ গৰাকী, পূৱ গুৱাহাটী- ২,১৭,৭২৯ গৰাকী আৰু পশ্চিম গুৱাহাটীত- ২,৬১,৬২৬ গৰাকী। এই সমষ্টি কেইটাত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১০,২৮,১২৭ গৰাকী। একেদৰে খচৰা ভোটাৰ তালিকা অনুসৰি এই সমষ্টি কেইটাত থকা সন্দেহজনক অর্থাৎ ‘ডি’ ভোটাৰৰ সংখ্যা সমষ্টি অনুসৰি ক্ৰমে, জালুকবাৰীত পুৰুষ- ৩৭, মহিলা- ৪৪, মুঠ- ৮১ গৰাকী, দিছপুৰত পুৰুষ- ১২৩১ গৰাকী, মহিলা- ১৪২০ গৰাকী, মুঠ- ২৬৫১ গৰাকী, পূৱ গুৱাহাটী পুৰুষ- ১১৭, মহিলা- ১৩৯ গৰাকী, মুঠ- ২৫৬ গৰাকী আৰু পশ্চিম গুৱাহাটী সমষ্টিত পুৰুষ ৯৩০ গৰাকী, মহিলা ৯১৫ গৰাকী, মুঠ- ১৮৪৫ গৰাকী। এই সমষ্টি কেইটাত ডি ভোটাৰৰ সংখ্যা- ৪৮৩৩ গৰাকী।