কলগাছিয়া, ১৫ অক্টোবৰঃ পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। দীপাৱলীৰ উপলক্ষে মাটিৰ চাকি বনোৱাত ব্যস্ত হৈ পৰিছে গোৱালপাৰাৰ পালপাৰাবাসী। ককা,আজোককাৰ দিনৰে পৰা চলি অহা বংশানুক্ৰমিক মৃৎশিল্পৰ পৰম্পৰাক জীয়াই ৰাখিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে এই মৃৎশিল্পীসকলে। বিজ্ঞানৰ দ্ৰুত আৱিস্কাৰেও জনসাধাৰণৰ মাজত হ্ৰাস কৰিব পৰা নাই মৃৎশিল্পী সকলৰ স্থান। গোৱালপাৰাৰ পালপাৰাৰ মৃৎশিল্পীসকলো ব্যস্ত হৈ পৰিছে মাটিৰ চাকি বনোৱাত। শিল্পীসকলে মাটি সানি শাচত পেলাই চাকি বনাই জুইত সেকি সঠিক সময়ত বজাৰত বিক্ৰী কৰাৰ বাবে সাজু কৰাৰ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। স্থানীয় মৃৎশিল্পীসকলৰ পৰা জানিব পৰা মতে, এইবাৰ পালপাৰাবাসীয়ে লক্ষাধিক মাটিৰ চাকি তৈয়াৰ কৰিছে আৰু বাহিৰৰ পৰাও ব্যৱসায়ী আহি চাকি ক্ৰয় কৰিছে। পালপাৰাৰ শিল্পীসকলে জানিব দিয়া মতে,  আধুনিক সামগ্ৰীৰে বজাত উপচি পৰিলেও মাটিৰ চাকিৰ এটা সুকীয়া স্থান আছে।  মাটিৰ চাকিৰ স্থান সুকীয়া যদিও আধুনিক প্ৰযুক্তিৰ ধাতুৰ প্ৰচলন হোৱাত মৃৎশিল্পীসকলৰ জীৱিকা নিৰ্বাহ কৰাত বহুত অসুবিধাৰ সৃষ্টি হৈছে। তদুপৰি বিভিন্ন কাৰণত মৃৎ শিল্পত ব্যৱহৃত মাটি, খেৰ, খৰিৰ পৰিমাণ বৰ্তমান সীমিত হোৱাত মৃৎ শিল্পীসকল সমস্যাৰ সন্মুখীন হৈছে। দুগুণ দাম দিয়ো প্ৰয়োজনতকৈ কম মাটিহে পোৱা যায়। ইয়াৰ বিপৰীতে মাটিৰ সামগ্ৰীৰ উৎপাদন মূল্যতকৈ বিক্ৰী মূল্য হ্ৰাস পোৱাত আৰ্থিক দিশত জুৰুলা হৈ পৰিছে মৃৎশিল্পীসকল। স্থানীয় লোকে জানিবলৈ দিয়া মতে,  বহু মৃৎশিল্পীয়ে বাস্তৱতাৰ লগত ফেৰ মাৰিব নোৱাৰি বিভিন্ন কৰ্মত নিয়োজিত হৈছে। সংস্থাপন নোপোৱা দৰিদ্ৰ আৰু নিৰীহ শ্ৰেণীৰ লোকসকলে উপায়বিহীন হৈ পুৰুষানুক্ৰমে চলি অহা বৃত্তিকে জীৱিকা নিৰ্বাহৰ একমাত্ৰ উপায় হিচাপে লৈ জীয়াই আছে। গোৱালপাৰাৰ পালপাৰাৰ মৃৎশিল্পীসকলে বৰ্তমান পৰ্যন্ত চৰকাৰৰ ফালৰ কোনো সাহাৰ্য নোপোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।